![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/07/Banyantree.jpg/640px-Banyantree.jpg&w=640&q=50)
বট গছ
From Wikipedia, the free encyclopedia
বট গছ বা বৰ গছ বা বড় গছ (ইংৰাজী: Indian banyan; বৈজ্ঞানিক নাম : Ficus benghalensis) ভাৰতৰ জাতীয় গছ। এই গছ Ficus গোত্ৰৰ অন্তৰ্ভুক্ত। বট এবিধ বৃহৎ আকাৰৰ বৃক্ষ জাতীয় উদ্ভিদ। বট গছ বহু ঠাই আগুৰি থাকে আৰু মাটিৰ ওপৰত সমান্তৰাল শাখা-প্ৰশাখা বিস্তাৰিত কৰে। এই শাখা-প্ৰশাখাবোৰ কিছুমান জৰী বা শিপাৰ দ্বাৰা ভৰ বহন কৰি থাকে। গা-গছৰ পৰা ওলমি থকা এই শিপাসমূহক স্তম্ভমূল বোলে। কম বয়সীয়া বট গছৰ স্তম্ভমূলসমূহ বতাহত ওলমি থাকে আৰু বয়স বঢ়াৰ লগে লগে ই মাটিত লাগি ধৰে। পিছলৈ এই মূলসমূহ গা-গছলৈ ৰূপান্তৰিত হৈ গছ জোপাক হালি নপৰাকৈ ৰাখে। ওলমি থকা শিপাৰ কাৰণে ইয়াক জৰী গছ বুলিও কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
ক্ষিপ্ৰ তথ্য বট গছ, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
বট গছ | |
---|---|
![]() | |
ফ্লৰিডাৰ এডিচন সংগ্ৰাহালয়ৰ সন্মুখৰ বট গছ। | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Moraceae |
গণ: | Ficus |
প্ৰজাতি: | F. benghalensis |
বৈজ্ঞানিক নাম | |
Ficus benghalensis L. | |
সমাৰ্থক | |
Ficus indicaL. |
বন্ধ কৰক