আপেক্ষিকতাবাদ তত্ত্ব
From Wikipedia, the free encyclopedia
আপেক্ষিকতাবাদ তত্ত্ব বুলিলে পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আগবঢ়োৱা দুই আন্তঃসম্পৰ্কীয় তত্ত্বক বুজোৱা হয়: বিশেষ আপেক্ষিকতাবাদ তত্ত্ব আৰু সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব। মাধ্যাকৰ্ষণৰ অনুপস্থিতিত মৌলিক কণাসমূহৰ সকলোধৰণৰ ভৌতিক পৰিঘটনা ব্যাখ্যা কৰিবলৈ বিশেষ আপেক্ষিতাবাদ তত্ত্ব প্ৰয়োগ হয়। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই মহাকৰ্ষণ সূত্ৰ আৰু প্ৰকৃতিৰ আনবোৰ বলৰ সৈতে ইয়াৰ সম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ত্ব অধ্যয়ন, আৰু মহাকাশৰ গূঢ়াৰ্থ বুজিবলৈ এই তত্ত্ব বহুলভাৱে প্ৰয়োগ হয়।
মূলতঃ আইজাক নিউটনে আগবঢ়োৱা ২০০ বছৰ পুৰণি বলবিজ্ঞানৰ তত্ত্বক ওফৰাই কুৰি শতিকাত আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ ৰেহৰূপ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। এই তত্ত্বই মহাকাশ আৰু সময়ক লগ লগাই স্থানকাল, সমকালীনতাৰ আপেক্ষিকতা (Relativity of simultaneity), গতিশীল আৰু মাধ্যাকৰ্ষণীয় সময় প্ৰসাৰণ, দৈৰ্ঘ্য সংকোচন- ইত্যাদি কেতবোৰ নতুন ধাৰণাৰ জন্ম দিছিল। পদাৰ্থবিজ্ঞানৰ ভিতৰচ'ৰাত আপেক্ষিকতাবাদ তত্ত্বৰ আগমনে মৌলিক কণিকাসমূহ আৰু সিহঁতৰ আন্তঃক্ৰিয়া বুজাত সহায় কৰিলে, তাৰ লগতে অৱশ্যে নিউক্লীয় যুদ্ধৰ কাল সৃষ্টিতো সহায়ক প্ৰতিপন্ন হ'ল। আপেক্ষিকতাবাদ তত্ত্বৰ সহায় লৈ জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ত্বই নিউট্ৰন তৰা, কৃষ্ণগহ্বৰ, মহাকৰ্ষণিক তৰংগ আদিৰ দৰে চমৎকাৰী মহাজাগতিক পৰিঘটনাৰ ভৱিষ্যৎবাণী কৰিছিল।[1][2][3]