কৃষ্ণগহ্বৰ
মহাকাশবিজ্ঞানীক তাৎপৰ্য্য / From Wikipedia, the free encyclopedia
কৃষ্ণগহ্বৰ (ইংৰাজী: Black hole) হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (compact) বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান (Spacetime) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে। কৃষ্ণগহ্বৰ একোটাৰ চৌপাশে গাণিতীয় ভাৱে সংজ্ঞাবদ্ধ "ইভেণ্ট্ হ'ৰাইজ'ন" Event horizon নামৰ এখনি পৃষ্ঠ আছে, আৰু এই পৃষ্ঠখনে "উভতিব নোৱাৰা বিন্দু" চিহ্নিত কৰে। তাপগতিবিজ্ঞানৰ 'নিখুঁত কৃষ্ণকায়' ৰ দৰে কৃষ্ণগহ্বৰে ইয়াৰ "হ'ৰাইজ'ন"ত আপতিত ক্ষুদ্ৰাংশও প্ৰতিফলিত নকৰাকৈ সকলো পোহৰ শোষণ কৰে, আৰু সেইবাবেই আৰু ইয়াক "কৃষ্ণ" নামকৰণ কৰা হৈছে। কোৱাণ্টাম বলবিজ্ঞানৰ মতে কৃষ্ণগহ্বৰেও অশূন্য উষ্ণতাত কৃষ্ণকায়ৰ দৰে শক্তি বিকিৰণ নিৰ্গত কৰিব পাৰে। এই উষ্ণতা কৃষ্ণগহ্বৰৰ ভৰৰ ব্যস্তানুপাতিক। সেইবাবেই, সূৰ্য্য়ৰ সমভৰৰ বা বেছিভৰযুক্ত তৰাৰ কৃষ্ণগহ্বৰ বিকিৰণ প্ৰত্যক্ষ কৰাটো জটিল কাৰ্য্য হৈ পৰে।
এই পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |