![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/85/Warped_Space_and_Time_Around_Colliding_Black_Holes_%2528Courtesy_Caltech-MIT-LIGO_Laboratory%252C_produced_by_SXS_project%2529.webm/640px--Warped_Space_and_Time_Around_Colliding_Black_Holes_%2528Courtesy_Caltech-MIT-LIGO_Laboratory%252C_produced_by_SXS_project%2529.webm.jpg&w=640&q=50)
মহাকৰ্ষণিক তৰংগ
From Wikipedia, the free encyclopedia
পদাৰ্থ বিজ্ঞানত মহাকৰ্ষণিক তৰংগ হৈছে মহাজাগতিক সময়-স্থানৰ বক্ৰত সৃষ্টি হোৱা আৰু উৎসৰপৰা বহিৰ্মুখে গতি কৰা তৰংগৰূপী একপ্ৰকাৰ শক্তি। ১৯১৬ চনত[1][2] এলবাৰ্ট আইনষ্টাইনে তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদ তত্বৰ আধাৰত ইয়াৰ ভৱিষ্যবাণী কৰিছিল।[3][4] মহাকৰ্ষণিক তৰংগৰাশীয়ে একপ্ৰকাৰ মহাকৰ্ষনিক শক্তিৰূপে গতি কৰে। নিউটনীয় পদাৰ্থবিজ্ঞানত ইয়াৰ অৱস্থিতি সম্ভৱ নহয় কাৰণ নিউটনীয় পদাৰ্থবিজ্ঞানত মহাকৰ্ষণৰ বেগ অসীম বুলি গণ্য কৰা হয়।
![]() | এই প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ "Gravitational wave" নামৰ প্ৰবন্ধৰ আধাৰত লিখা বা অনুবাদ কৰা হৈছে। ইয়াত বিষয়বস্তুৰ এক থুলমূল আভাসহে দিয়া হৈছে। |
![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
প্ৰত্যক্ষ আৱিস্কাৰৰ আগতেও ইয়াৰ সম্ভেদ পোৱা গৈছিল। ইয়াৰ প্ৰত্যক্ষ আৱিস্কাৰৰ বাবে উৎকৃষ্ট সংবেদশীল উৎস হৈছে স্বেত বামন, নিউট্ৰন নক্ষত্ৰ আৰু কৃষ্ণগহ্বৰৰে গঠিত দ্বৈত নক্ষত্ৰ পদ্ধতি Advanced LIGO-অৰ উপৰিও কেইবাটাও মানমন্দিৰ ইয়াৰ গৱেষণাত ৰত হৈ আছে (ছেপ্তেম্বৰ ২০০৫)। [5]
২০১৬ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে লিগ' আৰু ভাৰগ'ৰ বৈজ্ঞানিক সহযোগিতাত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা বুলি ঘোষণা কৰা হয়। এডভাঞ্চড লিগ' ডিটেক্টৰৰ সহায়ত ২০১৫ চনৰ ১৪ ছেপ্তেম্বৰ তাৰিখে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা হৈছিল। দুটা কৃষ্ণগহ্বৰৰ সংঘৰ্ষৰ ফলত এই মহাকৰ্ষণিক তৰংগসমূহ সৃষ্টি হৈছিল।[6][7][8]
মহাকৰ্ষণিক তৰংগ চিনাক্তকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বাবে ৰেইনাৰ ৱেইছ, কিপ থ'ৰ্ণ আৰু বেৰী বেৰিছক ২০১৭ বৰ্ষত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[9][10][11]