অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ From Wikipedia, the free encyclopedia
অৰূপা পটংগীয়া কলিতা (ইংৰাজী: Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।[1][2] তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
অৰূপা পটংগীয়া কলিতা | |
---|---|
জন্ম | ১৯৫৬ গোলাঘাট, অসম |
পেচা | লেখিকা |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | দেৱৰাজ ৰয় মহাবিদ্যালয় গৌহাটী বিশ্ববিদ্যালয় |
উল্লেখনীয় কৰ্মৰাজি | মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা ভাৰতীয় ভাষা পৰিষদ বঁটা |
অৰূপা পটংগীয়া কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।[3] বৰ্তমান তেওঁ দৰং জিলাৰ টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি আছে।[2]
অৰূপা পটংগীয়া কলিতাই ভালেসংখ্যক উপন্যাস তথা চুটিগল্প ৰচনা কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল-[2][4]-
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.