From Wikipedia, the free encyclopedia
মিলেনিয়ামৰ সপোন (ইংৰাজী: Millennimar Sapon) হৈছে অসমীয়া সাহিত্যিক আৰু গল্পকাৰ অৰূপা পটংগীয়া কলিতাৰ এখনি গল্পপুথি৷ ২০০২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত গ্ৰন্থখন ২০১৯ চনত কেঁচাবন্ধা ৰূপত দ্বিতীয়বাৰৰ বাবে প্ৰকাশিত হয়৷ গ্ৰন্থখনিত মুঠ বাৰটা গল্প সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন তেখেতে পিতৃ শৈলেন্দ্ৰনাথ পটংগীয়ালৈ উচৰ্গা কৰিছে৷[1]
মিলেনিয়ামৰ সপোন | |
---|---|
কেঁচাবন্ধা প্ৰকাশৰ বেটুপাত | |
লেখক | অৰূপা পটংগীয়া কলিতা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গল্প |
প্ৰকাশক | লয়াৰ্ছ বুক ষ্টল (২০১৭ সংস্কৰণ) |
প্ৰকাশ | ২০০২ (প্ৰথম প্ৰকাশ) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ২২৩ |
আই.এচ.বি.এন. | 978-81-7331-389-9 |
ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰীধাৰী অৰূপা পটংগীয়া কলিতা এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু বৰ্তমান টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা৷ এতিয়ালৈকে কেইবাখনো গল্প-সংকলন আৰু উপন্যাস ৰচনা কৰা সাহিত্যিকগৰাকীয়ে ২০১৪ চনত “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.