অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক আৰু কবি From Wikipedia, the free encyclopedia
অৰুণ শৰ্মা (ইংৰাজী: Arun Sharma, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। 'শ্ৰী নিবাৰণ ভট্টাচাৰ্য' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৮ বৰ্ষত সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ বৰ্ষত সংগীত নাটক অকাডেমি বঁটা লাভ কৰে। ভাৰত চৰকাৰৰ পৰা উক্ত দুয়োটা বঁটা লাভ কৰা তেওেঁই একমাত্ৰ অসমীয়া। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
অৰুণ শৰ্মা | |
---|---|
জন্ম | ১৯৩১ চন সেন্দূৰী আলি, ডিব্ৰুগড়, অসম, ভাৰত |
মৃত্যু | ২৭ মাৰ্চ ২০১৭ (৮৫ বছৰ) নতুন দিল্লী |
পেচা | সাহিত্যিক, নাট্যকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | আশীৰ্বাদৰ ৰং |
উল্লেখযোগ্য বঁটা | সংগীত নাটক অকাডেমি বঁটা (১৯৯৭)[1] |
দাম্পত্যসংগী | আৰতি শৰ্মা |
সন্তান | নন্দিনী, অচিন্ত |
আত্মীয়-স্বজন | অপূৰ্ব শৰ্মা |
১৯৩১ চনত ডিব্ৰুগড় জিলাৰ সেন্দূৰী আলিত অৰুণ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম তিলকচন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম নৰ্মদা কুমাৰী দেৱী। তেওঁৰ পিতৃ সেই সময়ৰ দ্য টাইমছ অব্ আছামৰ সম্পাদক আছিল। ১৯৩৫ চনত তেওঁৰ পৰিয়াল আমতলাবড়িৰ পৰা হেলেমগুৰি নামৰ গাঁৱলৈ আহি নিজাকৈ ঘৰ-বাৰী কৰি লয়। তিলকচন্দ্ৰ শৰ্মাই গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ তেতিয়াৰ পৰা খেতি আৰু সমাজ সেৱাৰ লগত নিজকে জড়িত কৰি ৰাখে। অৰুণ শৰ্মাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ৰ পৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।
১৯৫৪ চনত দ্যা আছাম ট্ৰিবিউন কাকতৰ আৰ্হি কাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল। ১৯৫৫ চনত তেওঁ জন্মভূমি হেলেমলৈ উভতি যায় আৰু তাত মধ্য ছয়দুৱাৰ হাইস্কুলত উপাধ্যক্ষ পদত যোগদান কৰে। ১৯৬০ চনত তেওঁ পুনৰ গুৱাহাটীলৈ উভতি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে। প্ৰথমাৱস্থাত ইয়াত প্ৰযোজক হিচাবে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল। তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল আৰু এই বিভাগটোৱে শ্ৰেণীকোঠাৰ বাহিৰত অতিৰিক্ত জ্ঞান যোগাৱাৰ এক মাধ্যম আছিল। ১৯৬৯ চনত তেওঁ লণ্ডনৰ বি বি চিত ৰেডিঅ’ প্ৰ’গাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল। এই সময়তে তেওঁ ৪৭খন নাটক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু আকাশবাণী ৰাষ্ট্ৰীয় অনুষ্ঠানৰ বাবে যথেষ্ট সংখ্যক অনাতাঁৰ তথ্যচিত্ৰ (Radio Documentary) ৰচনা আৰু নিৰ্দেশনা কৰে। এই তথ্যচিত্ৰসমূহৰ বাবে তেওঁ তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট চাৰ্ভিচৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
অৱসৰ গ্ৰহণ কৰা পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত পূৰ্বাচলৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০-১৯৯২) হিচাপে যোগদান কৰে। ১৯৯২–১৯৯৭ চনলৈকে অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়তে অসমত বিভিন্ন বিবাদ হৈছিল আৰু তেওঁক স্থানীয় চাহ উদ্যোগ আৰু অসমীয়া লোকসকল মাজত মিলা-প্ৰীতি আনিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। ২০০৫ চনত তেওঁ অসম বুৰঞ্জীক কেন্দ্ৰ কৰি son-et-lumiere (sound-and-light show) ৰচনা কৰি প্ৰদৰ্শন কৰে আৰু ইয়াক দৈনিক গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দৰ্শনাৰ্থীক দেখুওৱাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।
১৯৫৯ চনত উজানবজাৰৰ মুক্তিযুঁজাৰু চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সন্তান দুটা: নন্দিনী আৰু অচিন্ত।
২০১৭ চনৰ ২৭ মাৰ্চ তাৰিখে পুৱা নতুন দিল্লীৰ সমীপৰ মেডান্ত দ্য মেডিছিটীত ৮৫ বছৰ বয়সত অৰুণ শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.