![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/0/07/Arun_nath_actor.jpg/640px-Arun_nath_actor.jpg&w=640&q=50)
অৰুণ নাথ
অসমীয়া অভিনেতা / From Wikipedia, the free encyclopedia
অৰুণ নাথ (ইংৰাজী: Arun Nath) এগৰাকী অসমীয়া অভিনেতা। ২৮ মে ১৯৫২ত তেজপুৰত তেওঁৰ জন্ম হৈছিল। ১৯৭৩ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লয়। সৰুৰে পৰা তেওঁ অভিনয়ত জড়িত হৈ পৰিছিল। প্ৰথমে মঞ্চাভিনয়ৰ লগত জড়িত নাথে ১৯৭৩ত নিপ বৰুৱাৰ সোণতৰা ছবিৰ যোগেদি চিনেমা জগতত ভূমুকি মাৰে। পঞ্চাশখনৰো অধিক অসমীয়া ছবিত তেওঁ অভিনয় কৰে। বহাগৰ দুপৰীয়া, কোলাহল, সাৰথি, অথেলো , অগ্নিস্নান আদি তেওঁ অভিনয় কৰা কেইখনমান বিশিষ্ট ছবি। তেওঁ বহুকেইখন টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰাবাহিকৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে।[1][2]
ক্ষিপ্ৰ তথ্য অৰুণ নাথ, জন্ম ...
অৰুণ নাথ | |
---|---|
![]() অৰুণ নাথ | |
জন্ম | ২৮ মে', ১৯৫২ তেজপুৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা, চলচ্চিত্ৰ |
উল্লেখযোগ্য কৰ্ম | বহাগৰ দুপৰীয়া, কোলাহল |
ধৰ্ম | হিন্দু ধৰ্ম |
দাম্পত্যসঙ্গী | কৃষ্ণা দাস নাথ |
বন্ধ কৰক
বহুকেইখন অসমীয়া ছবিৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী কৃষ্ণা দাস নাথ তেওঁৰ পত্নী। অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰা হৈছে।[2]