অসমীয়া চলচ্চিত্ৰ (১৯৮৯) From Wikipedia, the free encyclopedia
কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়।[1] চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে। চলচ্চিত্ৰখনে ৩৬ তম ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।[2]
কোলাহল | |
---|---|
পৰিচালক | ভবেন্দ্ৰনাথ শইকীয়া |
কাহিনী | ভবেন্দ্ৰনাথ শইকীয়া |
প্ৰযোজক | ভবেন্দ্ৰনাথ শইকীয়া |
অভিনয়ত | ৰুণু দেৱী ঠাকুৰ অৰুণ নাথ ইত্যাদি |
চিত্ৰগ্ৰহণকাৰী | কমল নায়ক |
সম্পাদনা | নিকুঞ্জ ভট্টাচাৰ্য |
সংগীত পৰিচালক | মুকুল বৰুৱা |
মুক্তি |
১৯৮৯ |
দৈৰ্ঘ্য |
১১৮ মিনিট |
দেশসমূহ | অসম, ভাৰত |
ভাষা | অসমীয়া |
ধানৰ বস্তা কঢ়িওৱা ট্ৰাকৰ পৰা ধান আনি মাকক যোগান ধৰা মোতিৰ ওপৰতেই মাক কিৰণ প্ৰায় নিৰ্ভৰশীল ৷ কিৰণৰ স্বামী কৰ্মৰ সন্ধানত ঘৰৰ পৰা আঁতৰলৈ যায় ৷ পুৰষ নথকা ঘৰখনত কিৰণৰ কাষ চাপিবলৈ উদ্বাউল হৈ থাকে ওচৰৰে চকীদাৰ এজন, দাদা এজন ৷ তেনে এক পৰিৱেশৰ মাজতে এদিন ধানৰ বস্তাৰ তলত সোমাই মোতিৰ অকাল মৃত্যু হয়৷ কিৰণৰ মাতৃ-হৃদয় থানবান হৈ পৰে ৷ কিছুদিন পাছত খবৰ আহে, তেওঁৰ গিৰিয়েক বিনোদে অইন এগৰাকী মহিলাৰ লগত থাকিবলৈ লৈছে ৷ সংকটৰ এই মুহূৰ্তত কাষ চাপি আহে ট্ৰাকৰ চাফাই কৰ্মী বাদল৷ তেওঁ কিৰণক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু বিয়া কৰাব বিচাৰে৷ জীৱনৰ এক চৰম দোদুল্যমান অৱস্থাত কিৰণে কি সিদ্ধান্ত লয় আৰু তেওঁৰ সেই সিদ্ধান্তটোত এৰি অহা জীৱনটোৱে কেনেধৰণৰ ভূমিকা পালন কৰে-সেইয়াই মূলতঃ কোলাহলৰ কাহিনী৷ [3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.