From Wikipedia, the free encyclopedia
অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি বিশ্বৰ জনমানসৰ আগত দাঙি ধৰাৰ লগতে তেওঁৰ গুণৰাশিক সোঁৱৰণৰ জৰিয়তে ভাৰতবাসীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰবৰ্তন কৰা হৈছিল।[1] এই বঁটাত নগদ ধনৰ লগতে এখন প্ৰশংসা পত্ৰ, এটি সোণৰ পদক, এখন শৰাই আৰু অঙ্গবস্ত্ৰ আগবঢ়োৱা হয়।[2] ১৯৯৭ চনৰ পৰা এই বঁটাত আগবঢ়োৱা নগদ ধনৰ পৰিমণ পূৰ্বৰ এক লাখ টকাৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি কৰা হয়,[1] ২০২০ চনত এই ধনৰ পৰিমান ৫ লাখ টকা।[2] বৰ্তমানে প্ৰতি তিনি বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰা হয়।[3]
নং | চন | বিজয়ী[4] |
---|---|---|
১ | ১৯৮৬ | কীৰ্তিনাথ হাজৰিকা |
২ | ১৯৮৭ | ভূপেন হাজৰিকা |
৩ | ১৯৮৮ | সত্যজিত ৰায় |
৪ | ১৯৮৯ | মহেশ্বৰ নেওগ |
৫ | ১৯৯০ | কপিলা বাৎসায়ন |
৬ | ১৯৯১ | সত্যেন্দ্ৰনাথ শৰ্মা |
৭ | ১৯৯২ | ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ |
৮ | ১৯৯৩ | সত্যপ্ৰসাদ বৰুৱা আৰু গাংগুৱাই হাংগল |
৯ | ১৯৯৪ | মহেন্দ্ৰ বৰা |
১০ | ১৯৯৫ | চৈয়দ আব্দুল মালিক |
১১ | ১৯৯৬ | ভবেশ চন্দ্ৰ সান্যাল |
১২ | ১৯৯৭ | কেলুচৰণ মহাপাত্ৰ |
১৩ | ১৯৯৮ | ভবেন্দ্ৰ নাথ শইকীয়া |
১৪ | ১৯৯৯ | আমজাদ আলী খান |
১৫ | ২০০০ | সোণাৰাম চুতীয়া |
১৬ | ২০০১ | আচাৰ্য ইলাৰাম দাস |
১৭ | ২০০২ | ইন্দিৰা মিৰি |
১৮ | ২০০৩ | হবিব তনবীৰ |
১৯ | ২০০৪ | নাৰায়ণ দেৱ গোস্বামী আৰু পাৰবীন চুলতানা |
২০ | ২০০৫ | বি. জি. ভাৰ্গিজ |
২১ | ২০০৬ | কেশৱানন্দ দেৱগোস্বামী |
২২ | ২০০৭ | হোমেন বৰগোহাঞি |
২৩ | ২০০৮ | শৰ্মিলা ঠাকুৰ |
২৪ | ২০১১ | কনকসেন ডেকা |
২৫ | ২০১৪ | এম. এল. ভৰতপাণ্ডে |
২৬ | ২০১৭[5] | বশিষ্ঠ দেৱ শৰ্মা |
২৭ | ২০২০[2] | ভৱপ্ৰসাদ চলিহা |
২৮ | ২০২৩ | সোণাল মানসিং |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.