ৰাজনাথ সিং
এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী / From Wikipedia, the free encyclopedia
ৰাজনাথ সিং (ইংৰাজী: Rajnath Singh; জন্ম ১০ জুলাই ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ইয়াৰ আগতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কৃষিমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ভাৰতৰ ৰক্ষামন্ত্ৰী হোৱাৰ আগতে তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰথম মন্ত্ৰীসভাত গৃহমন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ ২০০৫ চনৰ পৰা ২০০৯ চনলৈ আৰু ২০১৩ চনৰ পৰা ২০১৪ চনলৈ দুবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ আছিল।
ক্ষিপ্ৰ তথ্য ৰাজনাথ সিং, ভাৰতৰ ৰক্ষামন্ত্ৰী ...
ৰাজনাথ সিং | |
---|---|
ভাৰতৰ ৰক্ষামন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩১ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | নিৰ্মলা সীতাৰমন |
ভাৰতৰ গৃহমন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৩০ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | সুশীলকুমাৰ সিন্দে |
উত্তৰসূৰী | অমিত শ্বাহ |
ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ | |
কাৰ্যকাল ২৩ জানুৱাৰী ২০১৩ – ৮ জুলাই ২০১৪ | |
পূৰ্বসূৰী | নীতিন গাডকাৰী |
উত্তৰসূৰী | অমিত শ্বাহ |
কাৰ্যকাল ২৪ ডিচেম্বৰ ২০০৫ – ২৪ ডিচেম্বৰ ২০০৯ | |
পূৰ্বসূৰী | লালকৃষ্ণ আদৱানী |
উত্তৰসূৰী | নীতিন গাডকাৰী |
ভাৰতৰ কৃষিমন্ত্ৰী | |
কাৰ্যকাল ২৪ মে' ২০০৩ – ২২ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপেয়ী |
পূৰ্বসূৰী | অজিত সিং |
উত্তৰসূৰী | শৰদ পাৱাৰ |
উত্তৰ প্ৰদেশৰ ১৯তম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ২৮ অক্টোবৰ ২০০০ – ৮ মাৰ্চ ২০০২ | |
ৰাজ্যপাল | সুৰজ ভান বিষ্ণু কান্ত শাস্ত্ৰী |
পূৰ্বসূৰী | ৰাম প্ৰকাশ গুপ্তা |
উত্তৰসূৰী | ৰাষ্ট্ৰপতি শাসন |
লোকসভাৰ সংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৬ মে' ২০১৪ | |
পূৰ্বসূৰী | লালজী টেণ্ডন |
সমষ্টি | লক্ষ্ণৌ লোকসভা সমষ্টি |
কাৰ্যকাল ১৬ মে' ২০০৯ – ১৬ মে' ২০১৪ | |
পূৰ্বসূৰী | সমষ্টি সৃষ্টি |
উত্তৰসূৰী | বিজয় কুমাৰ সিং |
সমষ্টি | গাজিয়াবাদ লোকসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ১০ জুলাই, ১৯৫১ (৭৩ বছৰ) ভাভৌৰা, চান্দডাউলি জিলা, উত্তৰ প্ৰদেশ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জন সংঘ(১৯৭৭ চনৰ আগত) |
দাম্পত্যসঙ্গী | সৱিত্ৰী সিং |
সন্তান | ৩ |
শিক্ষানুষ্ঠান | গোৰাখপুৰ বিশ্ববিদ্যালয় |
ৱেবছাইট | আধিকাৰিক ৱেবছাইট |
বন্ধ কৰক
তেওঁ কৰ্মজীৱন প্ৰথমে এজন পদাৰ্থ বিজ্ঞান অধ্যাপক হিচাপে আৰম্ভ কৰিছিল। তেওঁ দীৰ্ঘদিন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল। পিছলৈ তেওঁৰ ইয়াৰ সহায়ত জনতা পাৰ্টিত যোগদান কৰিছিল।