From Wikipedia, the free encyclopedia
ভাৰতীয় জন সংঘ (ইংৰাজী: Bharatiya Jana Sangh, সম্পূৰ্ণ নাম: অখিল ভাৰতীয় জন সংঘ, চমুকৈ: জন সংঘ, সংক্ষিপ্তৰূপ: BJS) [7] ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক শাখা আছিল।[8] ১৯৭৭ চনত ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ গঠন কৰা জনতা পাৰ্টিত অন্য বহুবোৰ ৰাজনৈতিক দলৰ সৈতে জন সংঘও চামিল হৈ গৈছিল। ১৯৮০ চনত জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বৈত সদস্যতাৰ বিষয়ত মতানৈক্য হৈ জন সংঘ গোটটো জনতা পাৰ্টিৰ পৰা ওলাই আহিছিল আৰু ১৯৮২ চনত ভাৰতীয় জনতা পাৰ্টি গঠন কৰিছিল।[9]
অখিল ভাৰতীয় জন সংঘ | |
---|---|
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ২১ অক্টোবৰ ১৯৫১[1] |
বিলুপ্তি | ১৯৭৭ |
ৰাজনৈতিক মতাদৰ্শ | হিন্দু জাতীয়তাবাদ[2] হিন্দুত্ব[3] একাত্ম মানৱবাদ[4] ৰাষ্ট্ৰীয় ৰক্ষণশীলতা[5] অৰ্থনৈতিক জাতীয়তাবাদ[6] |
দলীয় ৰং | গেৰুৱা |
১৯৪৯ পিছত সোঁপন্থী হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ব্ৰিটিছৰ শাসনকালতে আৰম্ভ কৰা তেওঁলোকৰ কামকাজ আৰু বিচাৰধাৰা আগবঢ়াই লৈ যাবলৈ এটা ৰাজনৈতিক দল গঠন কৰাৰ সম্পৰ্কত চিন্তা-চৰ্চা আৰম্ভ কৰে। সেই একে সময়তে শ্যামাপ্ৰসাদ মুখাৰ্জীয়েও অহিন্দু লোককো দলৰ সদস্যপদৰ বাবে অনুমতি দিয়া সংক্ৰান্তত অসহমত হৈ ৰাজনৈতিক দল হিন্দু মহাসভা ত্যাগ কৰিছিল।[10][11][12] ১৯৫১ৰ ২১ অক্টোবৰত[13] দিল্লীত শ্যামাপ্ৰসাদে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত কংগ্ৰেছ দলৰ বিৰুদ্ধে এক ৰাষ্ট্ৰীয় বিকল্প হিচাপে জনসংঘ গঠন কৰে।[14]
দলৰ নিৰ্বাচনী চিহ্ন আছিল তেলৰ চাকি আৰু স্বয়ংসেৱক সংঘৰ দৰে তেওঁলোকেও তেওঁলোকৰ বিচাৰধাৰা হিন্দুত্বৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল। ১৯৫৩ত শ্যামাপ্ৰসাদৰ মৃত্যুৰ পিছত জনসংঘত থকা স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তাসকলক আঁতৰাই দি ইয়াক সংঘৰ ৰাজনৈতিক শাখা আৰু সংঘ পৰিয়ালৰ অবিচ্ছেদ্য অংগৰূপে গঢ় দিয়া হৈছিল।[15]
১৯৫১ চনত প্ৰতিষ্ঠা হোৱা জনসংঘই প্ৰথমটো সাধাৰণ নিৰ্বাচনত ৩খন লোকসভা আসনত জয়লাভ কৰিছিল। আন দুটা হিন্দুত্ববাদী ৰাজনৈতিক দল হিন্দু মহাসভা আৰু ৰামৰাজ্য পৰিষদে উক্ত নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ক্ৰমে ৪খন আৰু তিনিখন। শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দুৰ্গাচৰণ বেনাৰ্জী পশ্চিমবংগৰ পৰা জয়লাভ কৰিছিল আৰু জনসংঘৰ তৃতীয়জন সদস্য উমা শংকৰ ত্ৰিবেদী ৰাজস্থানৰ পৰা জিকি আহিছিল। শ্যামাপ্ৰসাদৰ নেতৃত্বত সম-মনস্ক দলসমূহে সংসদত এটা গোট গঠন কৰিছিল।[16][17]
বৰ্ষ | সাধাৰণ নিৰ্বাচন | আসন লাভ | আসনৰ পৰিবৰ্তন | ভোটৰ % | তথ্যসূত্ৰ |
---|---|---|---|---|---|
১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন | ১ম লোকসভা | ৩ | – | ৩.০৬ | [16][18] |
১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন | ২য় লোকসভা | ৪ | ১ | ৫.৯৩ | [17][18] |
১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন | ৩য় লোকসভা | ১৪ | ১০ | ৬.৪৪ | [17][18] |
১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন | ৪ৰ্থ লোকসভা | ৩৫ | ২১ | ৯.৪১ | [17][18] |
১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন | ৫ম লোকসভা | ২২ | ১৩ | ৭.৩৫ | [19][18] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.