![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3f/Shri_Amit_Shah_taking_charge_as_the_Union_Minister_for_Home_Affairs%252C_in_New_Delhi_on_June_01%252C_2019.jpg/640px-Shri_Amit_Shah_taking_charge_as_the_Union_Minister_for_Home_Affairs%252C_in_New_Delhi_on_June_01%252C_2019.jpg&w=640&q=50)
অমিত শ্বাহ
ভাৰতৰ ৰাজনৈতিক নেতা / From Wikipedia, the free encyclopedia
অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৭ চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।[4][5]
অমিত শ্বাহ | |
---|---|
![]() | |
ভাৰতৰ গৃহমন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩০ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | ৰাজনাথ সিং |
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সভাপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৯ জুলাই ২০১৪ | |
পূৰ্বসূৰী | লালকৃষ্ণ আদৱানী |
ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৯ জুলাই ২০১৪ | |
পূৰ্বসূৰী | ৰাজনাথ সিং |
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৩ মে' ২০১৯ | |
পূৰ্বসূৰী | লালকৃষ্ণ আদৱানী |
সমষ্টি | গান্ধীনগৰ লোকসভা সমষ্টি |
ৰাজ্যসভাৰ সাংসদ | |
কাৰ্যকাল ১৯ আগষ্ট ২০১৭ – ২৯ মে' ২০১৯ | |
পূৰ্বসূৰী | দিলীপ পাণ্ডয়া |
সমষ্টি | গুজৰাট |
গুজৰাট বিধানসভাৰ সদস্য | |
কাৰ্যকাল ২০১২ – ২০১৭ | |
সমষ্টি | নাৰণপুৰা বিধানসভা সমষ্টি |
কাৰ্যকাল ১৯৯৭ – ২০১২ | |
পূৰ্বসূৰী | হৰিশ্চন্দ্ৰ পেটেল |
সমষ্টি | চাৰখেজ বিধানসভাৰ সদস্য |
গুজৰাটৰ গৃহমন্ত্ৰী | |
কাৰ্যকাল ২০০২ – ২০১৪ | |
ব্যক্তিগত তথ্য | |
জন্ম | ২২ অক্টোবৰ, ১৯৬৪ (৫৯ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | সোণাল শ্বাহ |
সন্তান | জয় শ্বাহ |
শিক্ষানুষ্ঠান | গুজৰাট বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
আন নাম | ভাৰতীয় ৰাজনীতিৰ চাণক্য[1][2][3] |
মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰগোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈছিল। ১৮ বছৰ বয়সত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদৱী লাভ কৰিছিল। পিছলৈ ১৯৮৭ চনত তেওঁক বিজেপিলৈ পঠিওৱা হৈছিল।
শ্বাহে প্ৰথমে চাৰকেজ বিধানসভা সমষ্টিৰ পৰা ১৯৯৭ চনত গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৭ চনলৈ তেওঁ এই আসনৰ পৰা গুজৰাট বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। তাৰপিছত তেওঁ নাৰণপুৰা বিধানসভা সমষ্টিৰ পৰা ২০১৭ চনলৈ বিধানসভাত প্ৰতিনিধিত্ব কৰে। নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে অমিত শ্বাহে বহুতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল।
২০১৪ চনৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহক উত্তৰ প্ৰদেশৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ মাৰ্গ-দৰ্শনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০খন আসনৰ ভিতৰত ৭৩খন আসন জয় লাভ কৰিছিল। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ গুৰুত্ব বাঢ়িবলৈ লয়। ইয়াৰ পিছতে ২০১৪ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।[6]
তেওঁ বিজেপিত সুসংগঠিত আৰু সদস্য ভুক্তিৰ বাবে বিশেষকৈ জনাজাত। তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে ২০১৪ চনত বিজেপিয়ে মহাৰাষ্ট্ৰ, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড আৰু ২০১৫ চনত অসম বিধানসভা নিৰ্বাচনত বিজয়ী হৈছিল। ইয়াৰ লগতে দিল্লী আৰু বিহাৰত পৰাস্ত হৈছিল।
তেওঁৰ নেতৃত্বত ২০১৭ চনৰ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰে।[7] একেবছৰে বিজেপিয়ে মণিপুৰ বিধানসভাত প্ৰথমবাৰৰ বাবে জয়ী হয় কিন্তু পঞ্জাবত বিজেপিৰ মিত্ৰজোঁট অকালি দলে পৰাজয় বৰণ কৰে।[8] ২০১৮ চনত বিজেপিয়ে ছত্তীছগঢ়, ৰাজস্থান আৰু মধ্য প্ৰদেশ নিৰ্বাচনত পৰাজিত হয়। তাৰপিছত বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩০৩খন আসন লাভ কৰি নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ ফলত অমিত শ্বাহ ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ সফল অধ্যক্ষত পৰিগণিত হয়।[9]