![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/34/Habung1.jpg/640px-Habung1.jpg&w=640&q=50)
হাবুং
পৌৰাণিক কামৰূপৰ প্ৰদেশ আৰু আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী / From Wikipedia, the free encyclopedia
হাবুং (আহোম: 𑜑𑜡 𑜈𑜤𑜂𑜫,ইংৰাজী: Habung) পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল আৰু আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল ৷ টাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী, ম' চাংবুন বুৰঞ্জী, অসম চৰকাৰ আৰু একাংশ ইতিহাসবিদৰ মতে ই আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল।[1][2][3][4][5] অন্য একাংশ গ্ৰন্থ আৰু আলোচনাত হাবুঙৰ কথা উল্লেখ হোৱা নাই৷[6][7][8] বৰ্তমান হাবুঙ লখিমপুৰ জিলা আৰু ধেমাজি জিলাত অন্তৰ্ভুক্ত আৰু প্ৰত্নতাত্বিক স্থান যেনে হাবুং মৈদাম, ঘুগুহা দৌল আদি ধেমাজি জিলাৰ অংশ।[9]ৱেড (১৮০০)-ৰ মতে, সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক হাবুং বুলি জনা গৈছিল।[10] শিলালিপিৰ তথ্য অনুসৰি, হাবুং (Ha-Vrnga Visaya) আছিল এখন প্ৰদেশ য'ত ব্ৰাহ্মণসকলক দশম শতিকাত কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালে স্থাপন কৰিছিল।[11] কামৰূপৰ পতনৰ পাছত হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত হয় আৰু এই অঞ্চলত বৃহৎপাত্ৰ নামৰ এজনক শাসন কৰিবলৈ ৰখা হয়।[12][13] টাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী অনুসৰি চাওলুং চ্যুকাফা আৰু তেঁওৰ লগত অহা ৯০৩০ জন লোকে হাবুঙত তিনি চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি দাপকেও, লাকনি ৰাইছেও আৰু লাকনি মুঙপ্লাও গড় বান্ধি ৰাজধানী পাতে কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়।[14]চুতীয়া ৰাজ্য জয় কৰাৰ পাছত লাকনি খুতছান (১৫২৫ খ্ৰীষ্টাব্দত) চাওফা চুহুংমুংএ ক্লাংচেঙ নামৰ বিষয়া এজনক হাবুংত ৰাজত্ব কৰিবলৈ ৰাখে।[15][16]
হাবুং 𑜑𑜡 𑜈𑜤𑜂𑜫 |
|
---|---|
— কামৰূপ ৰাজ্যৰ পৌৰাণিক প্ৰদেশ তথা আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী — | |
হাবুং প্ৰদেশ | |
![]() |
|
চৰকাৰ | |
- বৃহৎ পাত্ৰ | অজ্ঞাত |
- চাও ছেং লুুং | ক্লাংচেঙ |