আহোম ভাষা
টাই ভাষাসমূহৰ অন্যতম / From Wikipedia, the free encyclopedia
টাই আহোম ভাষা বা খ্ৱম টাই আহোম (আহোম: 𑜁𑜪𑜨 𑜄𑜩 𑜒𑜑𑜪𑜨, থাই ভাষা: ภาษา ไทอาหม, ইংৰাজী: Ahom language) অসম আৰু অৰুণাচলৰ আহোম জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা একপ্ৰকাৰৰ টাই ভাষা যাৰ লিপি টাই লে' বা দেহঙ দাই সকলৰ পৰা বিকাশ ঘটা বুলি ধৰা হয়। এই ভাষাক দক্ষিণ-পশ্চিম মূলৰ টাই ভাষাসমূহৰ উত্তৰ-পশ্চিমীয়া ভাগ (ত্টাই ক্ৰা-দাঈ)ত পেলাব পাৰি। শ্যান আৰু খামটি ভাষাৰ দৰে দক্ষিণ পূব এছিয়াৰ অইন টাই ভাষাসমূহৰ সৈতে আহোম ভাষাৰ নিকটতম সাদৃশ্য থকাৰ লগতে থাই ভাষাৰ সৈতেও ইয়াৰ কিছু মিল দেখা যায়।
ক্ষিপ্ৰ তথ্য টাই-আহোম ভাষা 𑜁𑜪𑜨 𑜄𑜩 𑜒𑜑𑜪𑜨, থলুৱা অঞ্চল ...
টাই-আহোম ভাষা
𑜁𑜪𑜨 𑜄𑜩 𑜒𑜑𑜪𑜨 | |
---|---|
খ্ৱম টাই আহোম | |
থলুৱা অঞ্চল | অসম |
অঞ্চল | অসম, অৰুণাচল |
জাতীয়তা | আহোম জনগোষ্ঠী |
স্থানীয় ভাষিক |
পৰম্পৰাগত লোকাচাৰ, ধৰ্মীয় কাৰ্য, বুৰঞ্জী অধ্যয়ন আৰু শৈক্ষিক পাঠ্যক্ৰম আদিত ব্যৱহৃত। |
ভাষা পৰিয়াল |
ক্ৰাদাই
|
লিখন প্ৰণালী | আহোম লিপি |
ভাষা সংকেত | |
ISO 639-3 | aho |
গ্লোটোলগ | ahom1240 [1] |
বন্ধ কৰক