কৃষ্ণ
হিন্দুধৰ্মৰ পৰম(supreme) উপাস্য দেৱতা / From Wikipedia, the free encyclopedia
কৃষ্ণ (সংস্কৃত: कृष्ण ; ইংৰাজী: Krishna) হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"।[1] এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণ ধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক 'স্বয়ং ভগবান' বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে।
কৃষ্ণ | |
---|---|
শ্ৰীকৃষ্ণৰ এটা মূৰ্তি | |
দেৱনাগৰী | कृष्ण |
গোত্ৰ | বিষ্ণুৰ অৱতাৰ, স্বয়ং ভগৱান |
অধিষ্ঠান | বৃন্দাবন, গোকুল, দ্বাৰকা |
মন্ত্ৰ | ॐ नमो भगवते वासुदेवाय |
অস্ত্ৰ | সুদৰ্শন চক্ৰ |
দাম্পত্যসঙ্গী | ৰাধা, ৰুক্মিণী, সত্যভামা, জাম্ববতী, সত্য, লক্ষ্মণা, কালিন্দী, ভদ্ৰা, মিত্ৰাবিন্দা আৰু ১৬১০০ গোপী |
বাহন | গৰুড় |
ধৰ্মগ্ৰন্থ | 'ভাগৱৎ পুৰাণ', 'শ্ৰীমদ্ভগৱতগীতা' |
ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বাঁহী-বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে।[2] আকৌ ভগবদ গীতাত তেওঁক এজন পথপ্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত।[3] হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহুদূৰলৈ বিস্তৃত।[4] তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত: কেতিয়াবা শিশুদেৱতা, কেতিয়াবা হাঁহি-ধেমালি-কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত।[5] কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহ মূলত: লিখিত আছে মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত।
চতুৰ্থ খ্ৰীষ্টপূৰ্বাব্দৰ পৰাই 'বাসুদেৱ', 'বালকৃষ্ণ' আৰু 'গোপাল' প্ৰভৃতি কৃষ্ণৰ নানা ৰূপৰ পূজাকাৰী বিভিন্ন সম্প্ৰদায়ৰ অস্তিত্বৰ কথা জনা যায়। খ্ৰীষ্টিয় নৱম শতাব্দীতেই দক্ষিণ ভাৰতত কৃষ্ণভক্তিৰ আন্দোলন বিয়পি পৰে। উত্তৰ ভাৰতত কৃষ্ণধৰ্মৰ সম্প্ৰদায়সমূহ সুপ্ৰতিষ্ঠিত হয় প্ৰায় একাদশ শতাব্দীত। দশম শতাব্দীৰ পৰাই ভক্তি আন্দোলনৰ ক্ৰমবিস্তাৰৰ ফলত কৃষ্ণ শিল্পকলাৰ এক মুখ্য বিষয় হৈ উঠে। উৰিষ্যাত জগন্নাথ, মহাৰাষ্ট্ৰত বিঠোবা, ৰাজস্থানত শ্ৰীনাথজি প্ৰভৃতি কৃষ্ণৰ ৰূপসমূহক কেন্দ্ৰ কৰি আঞ্চলিক ভক্তি-সংস্কৃতিয়ে বিকাশলাভ কৰে।