পুৰাণ
ধৰ্মমূলক উপাখ্যান থকা ওঠৰখন ভাৰতীয় শাস্ত্ৰ / From Wikipedia, the free encyclopedia
পুৰাণসমূহ হ’ল ধৰ্মমূলক উপাখ্যান থকা ওঠৰখন ভাৰতীয় শাস্ত্ৰ। অতি প্ৰাচীনকালৰ প্ৰসিদ্ধ ব্যক্তি আৰু সমাজ, ধৰ্ম আদিৰ অৱলম্বনত পুৰাণৰ কাহিনী সমূহ ৰচনা কৰা হৈছে। বহল ভাষাত, যি গ্ৰন্থত দেৱতা, অসুৰ, গন্ধৰ্ব, যক্ষ, মানুহ আদিৰ বৃত্তান্ত আৰু সৃষ্টি বিৱৰণ, ব্ৰহ্মানুসন্ধান, ব্ৰহ্মৰ আকাৰ আৰু নিৰাকাৰ বিৱৰণ, জ্যোতিৰ্বিজ্ঞান, ৰজা-মহাৰজাৰ বংশাৱলী আদি নানা বিষয়ক সবিশেষ বৰ্ণনা আছে আৰু যাৰ দ্বাৰা ভূত, ভৱিষ্যত আৰু বৰ্তমান অৱস্থাৰ পৰিজ্ঞান, জ্ঞানৰ নিৰ্মলতা আৰু বুদ্ধিৰ প্ৰখৰতা জন্মে, সেয়াই পুৰাণ। অৱশ্যে পুৰাণ আৰু ইতিহাসক সমাৰ্থক বুলি ক’ব নোৱাৰি। পৌৰাণিক আখ্যান সমূহৰ বাস্তৱ ভিত্তি নাই। দৰ্শনত পুৰাণ শাস্ত্ৰৰ গুৰুত্ব অপৰিসীম আৰু সেয়া পুৰাণক পঞ্চম বেদৰ আখ্যাও দিয়া হৈছে। [1]
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |