ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক / From Wikipedia, the free encyclopedia
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক (ইংৰাজী: State Emblem of India) সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীক ভাৰতীয় গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ, বহু ৰাজ্য চৰকাৰ আৰু অন্যান্য চৰকাৰী সংস্থাসমূহে ব্যৱহাৰ কৰে। এই প্ৰতীকটো মৌৰ্য সাম্ৰাজ্যৰ সময়ত খ্ৰীষ্টপূৰ্ব ২৮০ পৰা আৰম্ভ হোৱা প্ৰাচীন ভাস্কৰ্য সম্ৰাট অশোকৰ পৃষ্ঠপোষকতাত নিৰ্মিত অশোক স্তম্ভৰ পৰা লোৱা হৈছে। এই প্ৰতিমূৰ্তিটো চাৰিটা সিংহৰ ত্ৰিমাত্ৰিক প্ৰতীক। ১৯৪৭ চনৰ ডিচেম্বৰ মাহত ই ভাৰতীয় অধিৰাজ্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়[1] আৰু পিছলৈ ভাৰতীয় গণৰাজ্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ভাৰত চৰকাৰৰ অধিকাৰীক ছীল। ইয়াক চৰকাৰী নথি-পত্ৰ, মুদ্ৰা আৰু পাছপ'ৰ্টত ব্যৱহাৰ কৰা হয়। এই প্ৰতীকটোৰ ওপৰৰ অংশত তিনিটা মুখমেলি থকী সিংহ (চতুৰ্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায়), তাৰ তলত সোঁমাজত ই চক্ৰ (অশোক চক্ৰ); চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়।
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক | |
---|---|
সামন্ত | ভাৰত |
গৃহীত হয় | ২৬ জানুৱাৰী ১৯৫০ |
কুল চিহ্ন | অশোক স্তম্ভ |
নীতিবাক্য | सत्यमेव जयते (সত্যমেৱ জয়তে): মুণ্ডক উপনিষদৰ পৰা |
ভাৰত গণতন্ত্ৰ হিচাপে পৰিগণিত হোৱাৰ দিনা অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে এই প্ৰতীকটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। গৌতম বুদ্ধই পোনপ্ৰথমে ধৰ্মৰ বাণী প্ৰচাৰ কৰা ঠাই উত্তৰ প্ৰদেশৰ সাৰনাথত সম্ৰাট অশোকে স্থাপন কৰা অশোক স্তম্ভৰ আৰ্হিক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে মান্যতা দিয়া হৈছে। এই প্ৰতীকত চাৰিটা এছিয়ান সিংহ চাৰিওদিশে ইটোৱে সিটোৰ ফালে পিঠি দি থকা অৱস্থাত আছে। এই সিংহ কেইটা ক্ষমতা, সাহস, আত্মবিশ্বাস আৰু বিশ্বাসৰ প্ৰতীক। সিংহকেইটাক বৃত্তাকাৰ বেদী আৰু পদুমৰ ওপৰত স্থাপন কৰা আছে। বেদীৰ সোঁমাজত ধৰ্মচক্ৰ বা অশোক চক্ৰ আছে। এই চকাটোত ২৪টা দণ্ড আছে আৰু ই মানৱ সভ্যতাৰ অগ্ৰগতি আৰু বিৱৰ্তনৰ প্ৰতীক।
প্ৰতীকৰ তলত "সত্যমেৱ জয়তে" ("সত্যই সদায় জয়লাভ কৰে") মূলমন্ত্ৰটো দেৱনাগৰী লিপিত লিখা আছে। প্ৰতীকটোৰ ব্যৱহাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক (অনুচিত ব্যৱহাৰৰ নিষেধাজ্ঞা) আইন, ২০০৫ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীক (ব্যৱহাৰ নিয়ন্ত্ৰণ) নিয়ম, ২০০৭ৰ দ্বাৰা পৰিচালিত হয়।
ভাৰতৰ ৰাজ্যিক প্ৰতীক ভাৰত চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহৰ লগতে ভাৰতৰ সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে ব্যৱহাৰ কৰে। ভাৰতৰ নাগৰিকে ব্যক্তিগত চিঠিপত্ৰ, জাননী, দস্তাৱেজ, বিজনেছ কাৰ্ড আৰু অন্যান্য ব্যক্তিগত ব্যৱহাৰতো ইয়াক ব্যৱহাৰ কৰাত নিষেধ। ভাৰতীয় প্ৰতীক আইনৰ অধীনত এই প্ৰতীক সুৰক্ষিত আৰু উপযুক্ত কৰ্তৃত্ব অবিহনে ইয়াৰ ব্যৱহাৰ আইনৰ অধীনত শাস্তিযোগ্য।