গৌতম বুদ্ধ
বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক / From Wikipedia, the free encyclopedia
সিদ্ধাৰ্থ গৌতম আছিল প্ৰাচীন ভাৰতৰ এক ধৰ্মগুৰু আৰু বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাপক।[1] অধিকাংশ বৌদ্ধ সম্প্ৰদায়ৰ মতে, তেখেতেই বৰ্তমান যুগৰ সৰ্বোচ্চ বুদ্ধ (পালি: সম্মাসম্বুদ্ধ, সংস্কৃত: সম্যকসম্বুদ্ধ)। 'বুদ্ধ' শব্দৰ অৰ্থ 'আলোকপ্ৰাপ্ত ব্যক্তি' বা 'দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি'।[note 1] তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় অজ্ঞাত। প্ৰাক-বিংশ শতাব্দীৰ ঐতিহাসিকবিদসকলে তেওঁৰ জীৱনকালক সীমাবদ্ধ কৰিছে ৫৬৩ খৃষ্টপূৰ্বাব্দৰ পৰা ৪৩৮ খৃষ্টপূৰ্বাব্দৰ মধ্যকাললৈ।[2] কোনো কোনো আধুনিক ঐতিহাসিকবিদৰ মতে, গৌতম বুদ্ধৰ মৃত্যু ঘটে ৪৮৬ ৰ পৰা ৪৮৩ খৃষ্টপূৰ্বাব্দৰ মধ্যবৰ্তী কোনো এক সময়লৈ; আকৌ কিছুমানৰ মতে, ৪১১ ৰ পৰা ৪০০ খৃষ্টপূৰ্বাব্দৰ মধ্যকাললৈকে।[3][4]
গৌতম বুদ্ধ | |
---|---|
সাৰনাথত ৰক্ষিত গৌতম বুদ্ধৰ এটা মূৰ্তি, খৃষ্টীয় চতুৰ্থ শতাব্দী | |
জন্ম | ৬২৩ খৃষ্টপূৰ্বাব্দ লুম্বিনী (বৰ্তমান নেপালত) |
মৃত্যু | ৫৪৩ খৃষ্টপূৰ্বাব্দ কুশীনগৰ (বৰ্তমান ভাৰতত) |
বংশদ্ভূত | শাক্য ছেত্ৰী |
জনা যায় | বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক |
পূৰ্বসূৰী | কশ্যপ বুদ্ধ |
উত্তৰসূৰী | মৈত্ৰেয় বুদ্ধ |
গৌতম বুদ্ধৰ অন্য নাম "শাক্যমুনি"; তেওঁ বৌদ্ধধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব। অনুমান কৰা হয়, তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ অনুগামীসকলে তেওঁৰ জীৱনকথা, শিক্ষা আৰু বৌদ্ধ সংঘৰ সন্ন্যাস-বিধি লিপিবদ্ধ কৰিছিল। তেওঁৰ শিক্ষাবোৰ প্ৰথমতে মুখে মুখে প্ৰচলিত আছিল। বুদ্ধৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পাছত এইবোৰ লিপিবদ্ধ কৰা হয়।
বৌদ্ধধৰ্মৰ ওচৰা-উচৰি হিন্দু ধৰ্ম, আহমদিয়া মুছলিম সম্প্ৰদায় আৰু বাহাই ধৰ্মৰ অনুগামীসকলৰ মতেও বিশ্বধৰ্মত তেওঁক দেৱতা বা মহামানৱ বুলি উল্লেখ কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]