অশোক চক্ৰ
ভাৰতৰ পতাকাত থকা বৌদ্ধ প্ৰতীক / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো প্ৰতীক বা চিহ্নটোৰ বিষয়ে। সামৰিক সন্মানটোৰ বাবে অশোক চক্ৰ (পদক) চাওক।
অশোক চক্ৰ একপ্ৰকাৰৰ ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন। ইয়াক ধৰ্মচক্ৰ নামেৰেও জনা যায়। সম্ৰাট অশোকৰ সিংহ ৰাজধানীত আটাইতকৈ বেছি ব্যৱহৃত হোৱাৰ বাবে ইয়াৰ নাম অশোক চক্ৰ হ’ল। ১৯৪৭ চনৰ ২২ জুলাইত গৃহীত কৰা ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ বিদ্যমান। ইয়াৰ আগতে ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজত যঁতৰৰ চিহ্ন আছিল। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ চাৰিও ফালে অশোক চক্ৰ দেখা যায়। তদুপৰি ধৰ্মীয় চিহ্ন হিচাপে ইয়াক মঠ মন্দিৰৰ বিভিন্ন স্থানত দেখা যায়।
অশোক চক্ৰ পদক যুদ্ধ বিৰতিৰ সময়ত দেখুৱা সৰ্বোচ্চ সাহস, ত্যাগ আৰু আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শনৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ সামৰিক সন্মান।