সত্যমেৱ জয়তে
From Wikipedia, the free encyclopedia
সত্যমেৱ জয়তে (সংস্কৃত: सत्यमेव जयते , 'Truth alone triumphs', উচ্চাৰণ [sɐt̪jɐmeːʋɐ ˈd͡ʑɐjɐt̪eː]) হিন্দু মুণ্ডক উপনিষদৰ এটি মন্ত্ৰ।[1] স্বাধীন ভাৰতৰ জাতীয় নীতি বাক্য হিচাপে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে, ভাৰত গণৰাজ্য হোৱাত, এই মন্ত্ৰক স্বীকৃতি প্ৰদান কৰা হৈছিল।[2][3] এই বাক্য অশোকৰ সিংহত দেৱনাগৰী লিপিত লিখা আছে। ই ভাৰতৰ জাতীয় প্ৰতীকৰ এক গুৰুত্বপূৰ্ণ অংগ। এই প্ৰতীক আৰু "সত্যমেৱ জয়তে" বাক্যশাৰী ভাৰতৰ সকলো জাতীয় দস্তাৱেজ আৰু মুদ্ৰাত উপস্থিত।