বাহু মাছ
মাছৰ প্রজাতি / From Wikipedia, the free encyclopedia
বাহু মাছ বা ভকুৱা মাছ (Catla catla), হৈছে দক্ষিণ এচিয়াত পোৱা কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছ। ইয়াক সাধাৰণতে দক্ষিণ ভাৰত, নেপাল, বাংলাদেশ, পাকিস্থান, আৰু ম্যানমাৰৰ নদী আৰু হ্ৰদসমূহত পোৱা যায়। অসমত ইয়াক ভকুৱা বা বাওঢেকেৰা বুলি কয় আৰু বৰাক উপত্যকাত ইয়াক বাউস বুলিও কোৱা হয়। ভাৰতৰ তিনিবিধ প্ৰধান কাৰ্প পৰিয়ালৰ মাছ হৈছে ৰৌ মাছ, বাহু মাছ, আৰু মিৰিকা মাছ। বাহু মাছৰ মূৰটো বহল আৰু ডাঙৰ, মুখৰ তলৰ কোঁৱাৰিটো ডাঙৰ আৰু মুখখন ওপৰমুৱাহৈ থাকে। ইয়াৰ বাকলিবোৰ ডাঙৰ আৰু পিঠিৰ বাকলিৰ বৰণ সামান্য ধুসৰ আৰু পেটৰ বাকলিবোৰ বগা বৰণৰ। বাহু মাছ পানীৰ উপৰিভাগত আৰু মধ্যাংশত আহাৰ গ্ৰহণ কৰে। বয়স্ক বাহু মাছে কেৱল প্ৰাণীপ্লৱক খায় কিন্তু কমবয়সীয়াবোৰে প্ৰাণীপ্লৱক আৰু উদ্ভিদপ্লৱক দুয়োবিধকে খায়।
বাহু মাছ | |
---|---|
মধ্যম বয়সৰ বাহু মাছ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Actinopterygii |
বৰ্গ: | Cypriniformes |
পৰিয়াল: | Cyprinidae |
গণ: | Catla Valenciennes, 1844 |
প্ৰজাতি: | C. catla |
বৈজ্ঞানিক নাম | |
Catla catla (F. Hamilton, 1822) | |
সমাৰ্থক | |
Gibelion catla |