চৰক
From Wikipedia, the free encyclopedia
মহৰ্ষি চৰক (আনুমানিক খ্ৰীষ্টপূৰ্ব ১০০ - ২০০ খ্ৰীষ্টাব্দ)[1] প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি আৰু পাৰম্পৰিক ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদৰ চিকিৎসাবিদ। তেওঁক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়। তেওঁ আয়ুৰ্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক সংহিতা ৰচনা কৰিছিল। তেওঁৰ বিষয়ে ইতিহাসত বিশেষ তথ্য পোৱা নাযায় যদিও পণ্ডিত সকলৰ মতে তেওঁৰ তক্ষশিলা বা কপিস্থলত জন্ম হৈছিল। এই অঞ্চল পাঁচান্দাৰ (পঞ্জাব) ইৰাৱতী নদী (ৰাবি নদী) আৰু চন্দ্ৰবাঘা নদীৰ (চেনাব নদী) মাজত অৱস্থিত আছিল। বৌদ্ধ মঠ আৰু প্ৰাচীন শিক্ষাৰ স্থল হিচাপে তক্ষশিলায়ে তেওঁৰ জন্মস্থান হোৱাটো অধিক সম্ভাৱনাময়।[2][3][4][5] কিছুমানৰ মতে চৰক কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কনিষ্কৰ ৰাজবৈদ্য আছিল॥ চৰকৰ দ্বাৰা ৰচিত চৰক সংহিতা আয়ুৰ্বেদৰ অন্যতম মূল গ্ৰন্থ।
ক্ষিপ্ৰ তথ্য চৰক, জন্ম ...
চৰক | |
---|---|
পতঞ্জলীৰ চৌহদত মহৰ্ষি চৰকৰ প্ৰতিমূৰ্তি | |
জন্ম | চৰক খ্ৰীষ্টপূৰ্ব ১০০ - ২০০ খ্ৰীষ্টাব্দ (আনুমানিক) তক্ষশিলা (বৰ্তমান পাকিস্তান) |
ক্ষেত্ৰ | আয়ুৰ্বেদ |
জনা যায় | চৰক সংহিতাৰ ৰচক |
বন্ধ কৰক