চেনাব নদী
ভাৰতৰ নদী / From Wikipedia, the free encyclopedia
চেনাব নদী (ইংৰাজী: Chenab River) হৈছে ভাৰত আৰু পাকিস্তানত প্ৰবাহিত এক মুখ্য নদী, আৰু ই পঞ্জাব অঞ্চলৰ ৫খন মুখ্য নদীৰ ভিতৰত এখন। ই ভাৰতৰ হিমাচল প্ৰদেশৰ লহোৱাল আৰু স্পিতি জিলাৰ হিমালয়ৰ পৰা আৰম্ভ হৈ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলৰ মাজেৰে পাকিস্তানৰ পঞ্জাবৰ সমভূমিলৈ প্ৰবাহিত হয় আৰু শেষত সিন্ধু নদীত মিলিত হয়। সিন্ধু পানী চুক্তিৰ চৰ্তাৱলীৰ অধীনত চেনাবৰ পানী পাকিস্তানক আৱণ্টন কৰা হৈছে।[1][2]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
চেনাব নদীখন ভাৰতৰ হিমাচল প্ৰদেশৰ লহোৱাল আৰু স্পিতি জিলাৰ কিল'ঙৰ পৰা ৮ কিমি দক্ষিণ-পশ্চিমত অৱস্থিত তাণ্ডী নামৰ ঠাইত চন্দ্ৰা আৰু ভাগা নামৰ দুখন নদীৰ সংমিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে।[3]