অসমত ইছলাম ধৰ্ম
অসমৰ দ্বিতীয় বৃহত্তম ধৰ্ম, ইছলাম ধৰ্ম। / From Wikipedia, the free encyclopedia
ইছলাম হৈছে অসমৰ দ্বিতীয় বৃহত্তম আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম। মুছলমান জনসংখ্যা আছিল প্ৰায় ১০.৬৮ মিলিয়ন, ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৩৪.২২% তকৈ অধিক, যাৰ ফলত অসমক শতকৰা হাৰত জম্মু আৰু কাশ্মীৰৰ পিছত দেশৰ ভিতৰতে দ্বিতীয় বৃহত্তম মুছলমান ৰাজ্য।[2] ত্ৰয়োদশ শতিকাত ইছলাম এই অঞ্চলত উপস্থিত হৈছিল আৰু অসমৰ প্ৰায় এঘাৰখন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ আৰু চাৰিখন জিলাত অত্যন্ত কেন্দ্ৰীভূত।[3][4][5] ২০২১ চনৰ হিচাপ অনুসৰি, এক আনুমানিক জনগাঁথনিগত গৱেষণাই ভৱিষ্যদ্বাণী কৰিছে যে ৰাজ্যখনত মুছলমান জনসংখ্যা ক্ৰমে মুঠ ৩.৫ কোটি জনসংখ্যাৰ ভিতৰত ৪০ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ সংখ্যা ১ কোটি ৪০ লাখ।[6][7][8]
ক্ষিপ্ৰ তথ্য মুঠ জনসংখ্যা, সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল ...
বুঢ়া জামে মছজিদ, গুৱাহাটী, অসমৰ অন্যতম বৃহৎ আৰু আইকনিক মছজিদ। | |
মুঠ জনসংখ্যা | |
---|---|
প্ৰায় ১০,৬৭৯,৩৪৫ (২০১১ লোকপিয়ল) (ৰাজ্যখনৰ জনসংখ্যাৰ ৩৪.২২%) | |
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল | |
অধিকাংশ -: দক্ষিণ শালমাৰা - ৯৫.২%, ধুবুৰী - ৭৯.৬৭%, গোৱালপাৰা - ৫৭.৫২%, বঙাইগাঁও - ৫০.২২%, বৰপেটা - ৭০.৭৪%, মৰিগাঁও - ৫২.৫৬%, নগাওঁ - ৫৫.৩৬%, দৰং - ৬৪.৩৪%, হোজাই - ৫৩.৬৫%, হাইলাকান্দি - ৬০.৩১% আৰু কৰিমগঞ্জ - ৫৬.৩৬%. উল্লেখযোগ্য -: কাছাৰ - ৩৭.৭১%, নলবাৰী - ৩৫.৯৬%, কোকৰাঝাৰ - ২৮.৪৪%, চিৰাং - ২২.৬৬% আৰু কামৰূপ - ৩৯.৬৬%. | |
ভাষা | |
বঙালী (ৰংপুৰী আৰু চিলেটী অন্তৰ্ভুক্ত) - (১০.৪৯ নিযুত),[1] অসমীয়া - (৪ নিজুত) উৰ্দু - (১.২৫ লাখ). |
বন্ধ কৰক