দৰং জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
দৰং জিলা: (ইংৰাজী: Darrang District) হৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ৩১খন জিলাৰ ভিতৰত এখন জিলা। প্ৰশাসনিক জিলাখনৰ সদৰ স্থান আৰু একমাত্ৰ মহকুমাৰ হৈছে মঙ্গলদৈ। দৰং জিলাৰ দুখন পৌৰ নগৰ হৈছে মংগলদৈ আৰু ছিপাঝাৰ। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙ্গলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। ২০০৪ চনত পুনৰ দৰং জিলাৰ এটা অংশৰ পৰা ওদালগুৰি জিলা গঠন কৰা হয়। দৰং জিলাই বৰ্তমান ৩৪৮১ বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে।
ক্ষিপ্ৰ তথ্য দৰং জিলা দৰং, ৰাজ্য ...
দৰং জিলা দৰং |
|
---|---|
— জিলা — | |
Patharughat.JPGপথৰুঘাটৰ শ্বহীদ স্তমভ | |
দৰং জিলা | |
ৰাজ্য | অসম |
দেশ | ভাৰত |
সদৰ | মঙ্গলদৈ |
আসন | মঙ্গলদৈ |
জনসংখ্যা (২০১১) | |
- মুঠ | ৯,০৮,০৯০ জন |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-DA |
ৱেবছাইট | http://darrang.gov.in/ |
বন্ধ কৰক