মহাভাৰত
From Wikipedia, the free encyclopedia
মহাভাৰত (সংস্কৃত: महाभारत , IPA: [məɦaːˈbʱaːrət̪ə]) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ইতিহাসৰ এক অংশ।[1]
কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- 'জীৱনৰ চাৰি লক্ষ্য' বা পুৰুষাৰ্থৰ বৰ্ণনা (১২.১৬১)। এইবোৰ হৈছে ধৰ্ম (সঠিক কাৰ্য্য), পুৰুষাৰ্থ (উদ্দেশ্য), পুৰুষাৰ্থ (সুখ) আৰু মোক্ষ (মুক্তি)।
মহাভাৰতৰ বিভিন্ন কাহিনীবোৰৰ ভিতৰত মদ্ভাগৱত গীতা, দময়ন্তীৰ কাহিনী, ৰামায়ণৰ সংক্ষিপ্ত ৰূপ আৰু ঋষ্যশৃংগ আদিক সুকীয়া কাব্য হিছাপে গণ্য কৰা হয়।
মহাকবি ব্যাসক মহাভাৰতৰ লেখক বুলি অভিহিত কৰা হয়। ইয়াৰ ৰচনাৰ স্তৰ আৰু ইতিহাসৰ তথ্য উলিয়াবলৈ বহুতো চেষ্টা চলোৱা হৈছে। এই কাহিনীৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৮ম আৰু ৯ম শতিকাৰ ভিতৰত হোৱা বুলি ঠাৱৰ কৰা হৈছে যদিও কাহিনীৰ পুৰণি সংৰক্ষিত অংশ খ্ৰীষ্টপূৰ্ব চাৰিশ বছৰৰ আগৰ নহয়।[2] সম্ভৱত গুপ্ত যুগৰ প্ৰথম ভাগৰ সময়ত কাহিনীটোৱে এতিয়াৰ ৰূপ পায়।[3] ‘মহাভাৰত’ নামটোৰ অৰ্থ ‘ভাৰত বংশৰ মহান কাহিনী’ বুলিও কোৱা হয়। মহাভাৰতৰ মতেই কাহিনীটোক ২৪,০০০ শ্লোকৰ পৰা বহলোৱা হৈছে যাক আদিতে কোৱা হৈছিল "ভাৰত" (কোনো কোনোৱে পুৰণি নামটো "বিজয়" বুলিও ক’ব খোজে)।[4]
মহাভাৰতত প্ৰায় এক লাখ শ্লোক আৰু দীঘল গদ্য বৰ্ণনাসমূহ ধৰি প্ৰায় ১৮ লাখ শব্দ আছে। ইয়াৰ কলেৱৰ ইলিয়াদ আৰু ওডিছীৰ সন্মিলিত দৈৰ্ঘ্যতকৈ দহগুণ বেছি বা ৰামায়ণতকৈ চাৰিগুণ বেছি।[5][6] ডব্লিউ. জি. জনছনে বিশ্ব সভ্যতাত মহাভাৰতৰ গুৰুত্ব বাইবেল, শ্যেক্সপীয়েৰৰ লেখা, হোমাৰৰ লেখা আৰু কোৰানৰ লগত তুলনা কৰিছে।[7]