মহাকাব্য
From Wikipedia, the free encyclopedia
মহাকাব্য, যাক সৰ্গবন্ধ বুলিও কোৱা হয়, ই হৈছে ধ্ৰুপদী সংস্কৃতৰ ভাৰতীয় মহাকাব্যৰ এটা ধাৰা। এই ধাৰাটোৰ বৈশিষ্ট্য হৈছে পৰিৱেশ, দৃশ্যপট, প্ৰেম, যুদ্ধ ইত্যাদিৰ অলংকৃত আৰু বিশদ বৰ্ণনা। এৰিষ্টটলএ মহাকাব্যৰ প্ৰকৃতি নিৰ্ণয় কৰি কৈছে যে কোনো গম্ভীৰ, উদাত্ত আৰু পূৰ্ণ ঘটনাৰ কাব্যময় অনুকৃতিয়ে মহাকাব্য। ইয়াৰ ভাষা মনোৰম তথা অলংকৃত হোৱাৰ লগতে আদিৰ পৰা অন্তলৈকে একোটা ছন্দৰ প্ৰয়োগ হোৱা বাঞ্ছনীয়। ঘটনাৰ আদি, মধ্য আৰু অন্ত্যৰ মাজত ঐক্যৰ প্ৰয়োজন। মহাকাব্যত ব্যাপক কথাবস্তু আৰু মহান চৰিত্ৰই প্ৰাধান্য লাভ কৰে। ইয়াত অনিৰ্দিষ্ট সময়ৰ ঘটনা ৰূপায়িত হয় আৰু ই পূৰ্ণ মাত্ৰাই বৰ্ণনাত্মক।[1] মহাকাব্য শ্ৰৱকব্যৰ এক অংশ। যি কবিতাত কোনো দেৱতা বা অসাধাৰণ গুণৰ ব্যক্তি বা তেনে বংশৰ বহু বীৰ বা ৰজাৰ বিশদ বিৱৰণ লিপিবদ্ধ থাকে, তেনে কবিতাক মহাকাব্য বুলি জনা যায়।[2] মহাকাব্য ৰচনা কৰা ব্যক্তিজনক মহাকবি বুলি জনা যায়। মহাকাব্য হৈছে কোনো দেৱতা বা দেৱসদৃশ নায়কৰ বিষয়ে বিশেষ শৈলীত ৰচিত এখন বৃহৎ কাব্যিক গ্ৰন্থ।[3]