দময়ন্তী
From Wikipedia, the free encyclopedia
দময়ন্তী (ইংৰাজী: Damayanti) মহাভাৰতৰ বন পৰ্বত উল্লিখিত প্ৰেম কাহিনীৰ এটাৰ মুখ্য চৰিত্ৰ।[1] তেওঁ বিদৰ্ভ ৰাজ ভীমৰ কন্যা আছিল। বিদৰ্ভ ৰাজ্যৰ ৰাজকুমাৰী দময়ন্তীয়ে নিষাধ ৰাজ্যৰ ৰজা নলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ভাৰতীয় ভাষাৰ বহুতো লেখকৰ অন্যান্য হিন্দু গ্ৰন্থতো তেওঁৰ উল্লেখ পোৱা যায়।[2] তেওঁ দ্বাদশ শতিকাৰ শ্ৰীহৰ্ষৰ 'নিষাধ চৰিত'ৰ কেন্দ্ৰীয় চৰিত্ৰ। সংস্কৃত সাহিত্যত ইয়াক পাঁচটা মহাকাব্যৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[3][4]:136 অসমৰ পীতাম্বৰ কবিৰ 'নল-দময়ন্তী'ৰো তেওঁ মুখ্য চৰিত্ৰ। তেওঁ ১৪৫৬ শকত অৰ্থাৎ ১৫৩৪ চনত তেওঁ এই পাঁচালী কাব্যখনৰ সৃষ্টি কৰিছিল।
ক্ষিপ্ৰ তথ্য দময়ন্তী, তথ্য ...
দময়ন্তী | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
নলৰ বিষয়ে স্বৰ্গীয় ৰাজহাঁহৰ সৈতে কথা পাতি থকা দময়ন্তী, ৰাজা ৰবি বৰ্মাৰ চিত্ৰ | |
তথ্য | |
লিঙ্গ | নাৰী |
পৰিয়াল | ৰজা ভীম (পিতৃ) |
দাম্পত্যসঙ্গী | নল |
সন্তান | ইন্দ্ৰসেন (পুত্ৰ) ইন্দ্ৰসেনা (পুত্ৰী) |
বন্ধ কৰক