চ্যু-খ্ৰুং-ফা
From Wikipedia, the free encyclopedia
চাওফা চ্যু-খ্ৰুং-ফা (আহোম: 𑜋𑜧𑜨 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜁𑜪𑜤 𑜂𑜫 𑜇𑜡, ইংৰাজী: Siu-Khrung-Pha) বা ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) আহোম ৰাজ্যৰ (মু'ঙ দ'ন চ'ন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) ত্ৰিশতম স্বৰ্গদেউ(চাওফা,𑜋𑜧𑜨 𑜇𑜡) আছিল।[1] তেওঁ অসমত ১৬৯৬ চনৰ পৰা ১৭১৪ চনলৈকে মুঠ ১৮ বছৰ শাসন কৰিছিল।[2] তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ চাওফা চ্যু-পাত-ফা আৰু জয়মতীৰ বৰ পুতেক আছিল।[3] তেওঁৰ জন্মসূত্ৰে নাম আছিল লাই। তেওঁৰ শাসন কালতেই আহোম সাম্ৰাজ্য শক্তি আৰু খ্যাতিৰে ভৰি পৰিছিল। এই নিৰক্ষৰ ৰজাজন তেওঁৰ পাকৈত শাসন আৰু মোগল সৈন্যক নিজৰ সেনানীৰে পৰাভূত কৰাৰ বাবে বিখ্যাত আৰু জনপ্ৰিয় আছিল।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
চাওফা চ্যু-খ্ৰুং-ফা 𑜋𑜧𑜨 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜁𑜪𑜤 𑜂𑜫 𑜇𑜡 | |
---|---|
চাওফা | |
১৬৯৬-১৭১৪ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-খ্ৰুং-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
মাতৃ | জয়মতী |
পিতৃ | চ্যু-পাত-ফা |
ধৰ্ম | হিন্দু ধৰ্ম, ফুৰালুং |
তেওঁৰ পিতৃ গদাধৰ সিংহ তেওঁৰ আগৰ স্বৰ্গদেউ ল’ৰা ৰজা চ্যু-লিক-ফাৰ পৰা এসময়ত পলাই থাকিব লগা হৈছিল, এই সময়তে তেওঁৰ মাতৃ জয়মতীৰ চ্যু-লিক-ফাৰ চাওদাঙৰ হাতত মৃত্যু হয়। পাছত তেওঁৰ পিতৃয়ে চ্যু-লিক-ফাক বধি ৰাজ্য দখল কৰে। পিতৃৰ পাছত চ্যু-খ্ৰুং-ফা ৰজা হৈ ৰংপুৰত তেওঁৰ ৰাজধানী পাতিছিল।