জয়মতী (আহোম: 𑜊𑜩𑜨 𑜏𑜢𑜂𑜫 𑜄𑜦𑜧,ইংৰাজী ভাষা:Joymoti) অসমৰ ২৯তম চাওফা (স্বৰ্গদেউ) চ্যু-পাত-ফাৰ বৰকুঁৱৰী আছিল।[2] জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ।[3] যেতিয়া এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত পৰি গদাপাণিয়ে ৰজাৰ সৈন্যৰ পৰা পলাই ফুৰিবলগীয়া হৈছিল, জয়মতীয়ে তেওঁৰ ঠিকনা ৰজাৰ সৈন্যক নকৈ বহুদিন ধৰি চাওদাঙৰ শাস্তি খাই মৃত্যুবৰণ কৰিছিল।[4]

ক্ষিপ্ৰ তথ্য জয়মতী 𑜊𑜩𑜨 𑜏𑜢𑜂𑜫 𑜄𑜦𑜧, জন্ম ...
জয়মতী
𑜊𑜩𑜨 𑜏𑜢𑜂𑜫 𑜄𑜦𑜧
Thumb
জয়মতী চলচ্চিত্ৰত নাম ভূমিকাত আইদেউ সন্দিকৈ
জন্ম মাদুৰী গাঁও, শিৱসাগৰ জিলা
মৃত্যু জেৰেঙা পথাৰ, শিৱসাগৰ জিলা
মৃত্যুৰ কাৰণ চাওদাঙৰ দ্বাৰা শাস্তি
সমাধিস্থল ফাকুৱা মৈদাম[1]
ৰাষ্ট্ৰীয়তা অসম
বংশদ্ভূত টাই-আহোম জনগোষ্ঠী
ধৰ্ম আহোম ধৰ্ম
দাম্পত্যসঙ্গী চুপাতফা
পিতৃ-মাতৃ লাইথেপেনা বৰগোহাঞি আৰু চন্দ্ৰদাৰু
সন্তান লাই, লেচাই
বন্ধ কৰক

বংশ-পৰিয়াল

Thumb
জয়মতীৰ সমাধিস্থল ফাকুৱা ময়ডাম

বেছিসংখ্যক বুৰঞ্জীবিদৰ মতে জয়মতীৰ পিতৃ আছিল আহোম ৰাজ্যৰ বিষয়ববীয়া লাইথেপেনা বৰগোহাঞি আৰু মাতৃ চন্দ্ৰদাৰু।[5] লাইথেপেনাৰ পিতৃ আছিল লালুকসেন ফুকন আৰু চন্দ্ৰদাৰুৰ পিতৃ আছিল লেচাই বৰগোহাঁই। ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ ২৪ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল। ইয়াৰে জয়মতী আছিল প্ৰথম জী। তেখেতৰ কনিষ্ঠ পুত্ৰ আছিল বিখ্যাত চকৰিফেঁটি বুৰঞ্জীৰ প্ৰণেতা নুমলী বৰগোহাঁই। শিৱসাগৰৰ পৰা ন কিল'মিটাৰ আঁতৰৰ মাদুৰি গাঁৱত জয়মতীৰ জন্ম হৈছিল।[4] ড॰ সূৰ্যকুমাৰ ভূঞাৰ 'অসম বুৰঞ্জী' উল্লেখ থকা এটা গীতৰ মতে লাইথেপেনা বৰগোহাঞিৰ পত্নী আছিল ১২ গৰাকী, পুত্ৰ আছিল ২৪ জন আৰু জাঞমতীৰ সৈতে কন্যা সন্তান আছিল ১৩ গৰাকী। গদাধৰ সিংহই জয়মতীক বিয়া পতাৰ উপৰিও ল'ৰাৰজা চুলিক্‌ফায়ো বৰগোহাঞিৰ আন এগৰাকী কন্যাক বৰকুঁৱৰী পাতিছিল।[5]

বিবাহ

কিংবদন্তীমতে এদিন গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰ মাদুৰীত থকা লাইথেপেনা বৰগোহাঞিৰ ঘৰত উপস্থিত হ'ল। শক্তিশালী যুৱক গদাপাণিৰ খোৱা-লোৱাৰ পৰিমাণো বেছি আছিল। দুপৰীয়া ভোক আৰু ভাগৰত গদাপাণিয়ে বৰগোহাঞিৰ ঘৰত সোমাই যি আছে খাবলৈ বিচাৰিলে। জয়মতী আছিল বৰগোহাঞিৰ জীয়ৰীকেইজনীৰ ভিতৰত ডাঙৰ। গতিকে আলহী সোধাৰ দায়িত্ব জয়মতীৰ ওপৰত পৰিল। জয়মতীয়ে লৰালৰিকৈ গদাপাণিক পঁইতা ভাত আৰু ভাজি খাবলৈ দিলে। আহাৰ গ্ৰহণ কৰি গদাপাণি সন্তুষ্ট হ'ল আৰু জয়মতীৰ সেৱা-সৎকাৰ দেখি অভিভূত হ'ল। এই চিনাকিৰ আলমতে পিছলৈ পিতৃ, পৰিয়াল সকলোৰে অনুমতি সাপেক্ষে গদাপাণি আৰু জয়মতীৰ চকলং প্ৰথামতে বিবাহ সম্পন্ন হয়।[5]

ৰাজনৈতিক কন্দল

১৬৭০ চনত চক্ৰধ্বজ সিংহৰ মৃত্যু আৰু ১৬৮১ চনত গদাধৰ সিংহৰ ৰাজাভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাতত ছজন বেলেগ বেলেগ ৰজা অধিষ্ঠিত হৈছিল। ডেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহৰ হত্যা কৰোৱাৰ পিছত ৰাজ্যত কুশাসনৰ পাতনি মেলে।[6] প্ৰতিদ্বন্দ্ব্ব্বীসকলক হত্যা কৰা হ'ল, প্ৰভাৱশালী কোঁৱৰসকলৰ অঙ্গক্ষত কৰা হ'ল আৰু ৰাজবিষয়াক ইচ্ছামতে আঁতৰাই পঠোৱা হ'ল। আন কিছুমান বিষয়াই ৰাজধানীলৈ গৈ ডেবেৰাক ধৰি মৃত্যুদণ্ড বিহে আৰু তেওঁলোকৰ পছন্দৰ কোঁৱৰ এজনক ৰাজপাটত বহুৱায়। প্ৰধান মন্ত্ৰী আতন বৰগোহাঁইয়ে ৰাজনৈতিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁক দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও অস্বীকাৰ কৰে। আতন বৰগোহাঁই আৰু গুৱাহাটীৰ ৰাজবিষয়া লালুকসোলা বৰফুকনৰ মাজত মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্ব্ব্ব্বিতা বাঢ়ি আহে।

লালুকসোলা বৰফুকনে ৰাজশক্তি অধিকাৰ ৰখাৰ স্বাৰ্থত বঙ্গৰ শাসক চুলতান আজমতৰাৰ লগত গুৱাহাটী মোগলৰৰ হাতলৈ হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰে।[7] বিনিময়ত তেওঁক চাৰি লাখ টকা আৰু স্বৰ্গদেউ হোৱাৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়। সেইমতেই তেওঁ ১৬৭৯ চনত গুৱাহাটী নবাব মনচুৰ খানৰ হাতত সঁপি দিয়ে যাক চুলতানে ফৌজাদাৰ পাতে। ইয়াৰ পিছত লালুকসোলা দলেবলে গড়গাঁৱলৈ গৈ আতন বৰগোহাঁইক হত্যা কৰে আৰু চৈধ্য বছৰীয়া চুলিক্‌ফা বা ল'ৰা ৰজাক নামত স্বৰ্গদেউ পাতে। তেওঁ নিজৰ পাঁচ বছৰীয়া কন্যাক ল'ৰা ৰজালৈ বিয়া দিয়ে আৰু 'বুঢ়াফুকন' নামৰ নতুন পদ এটা সৃষ্টি কৰি ৰজাৰ হৈ শাসনভাৰ চম্ভালে। প্ৰতিদ্বন্দ্ব্ব্ব্বিতাৰ আশঙ্কা কৰি তেওঁ অঙ্গত খুঁত থকা কোঁৱৰ ৰজা হ'ব নোৱাৰা নিয়মৰ সুযোগ লৈ ৰজা হোৱাৰ উপযুক্ত কোঁৱৰসকলক শাস্তি বিহাত লিপ্ত হয়।[6]


আত্মত্যাগ

জয়মতীয়ে বিশ্বাস কৰিছিল যে লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই গদাপাণিয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব। সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে। বুৰঞ্জীৰ মতে ঘৰ এৰি যাওঁতে গ্দাপাণিয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই-লেচাইক এৰি গৈছিল। কিন্তু হৰকান্ত বৰুৱাৰ মতে গদাপাণিয়ে জয়মতী লগত পলাই গৈ অৰণ্যত সৰু ঘৰ এটা সাজি আছিলগৈ। কিন্তু সেই ঠাইত ৰজাৰ সৈন্য উপস্থিত হোৱাত জয়মতীৰ অনুৰোধত তেওঁ পলাই যায়। এইখিনি কথাৰ উল্লেখ আন কোনো বুৰঞ্জীত নাই।[5] ঘৰৰ পৰা পলাই গৈ গদাপাণি কেইদিনমান মেটেকাত বগী বৰপোহাৰীৰ ঘৰত আছিলগৈ। তাৰ পিছত তেওঁ নগা পাহাৰত আশ্ৰয় লয়।[8]

গদাপাণিক বিচাৰি নাপাই ৰজাৰ সৈন্যই জয়মতীকে ধৰি নিয়ে। ৰাজসভাত থিয় কৰাই সোধ-পোচ কৰাৰ পিছতো গদাপাণিৰ ঠিকনা নাপাই লালুকসোলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিব। সেইমতে জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি লৈ চাওদাঙৰ হতুৱাই জয়মতীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল।[3] ইয়াৰ পিছতো জয়মতীয়ে স্বামীৰ বাতৰি ক'বলৈ অমান্তি হয়। এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে। এজন অচিনাকি মানুহৰ ৰূপত তেওঁ জয়মতীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে। কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈ কয়। ১৪ দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ ১৩ চ'ত বা ১৬৭৯ খ্ৰীষ্টাব্দৰ ২৭ মাৰ্চত জয়মতীৰ মৃত্যু হয়।[4]

দুতিৰাম হাজৰিকাৰ 'অসমৰ পদ্য বুৰঞ্জী'ত উল্লেখ থকা মতে লাই-লেচাইৰ লগতে জয়মতীৰ এগৰাকী কন্যাও আছিল। তাইকো মাকৰ লগত চাওদাঙে হত্যা কৰিছিল।[5] আনহাতে ড॰ সূৰ্যকুমাৰ ভূঞাৰ মতে মৃত্যুৰ সময়ত জয়মতী সগৰ্ভা আছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

মৃত্যুৰ পৰৱৰ্তী চোৱাৰ ঘটনাৱলী

জয়মতীৰ মৃত্যুৰ দুবছৰ পিছত ল'ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণি আহোম ৰাজ্যৰ ৰজা হয়। তেওঁ টাই নাম চুপাত্‌ফা আৰু অসমীয়া নাম গদাধৰ সিংহ গ্ৰহণ কৰে। ১৬৮১ চনৰ পৰা ১৬৯৬ চনলৈ তেওঁৰ শাসনকালত অসমৰ শান্তি ঘূৰি আহে। প্ৰথমেই তেওঁ গুৱাহাটীৰ পৰা মনচুৰ খানক আঁতৰাবলৈ সৈন্য পঠিয়ায়। ১৬৮২ চনত ইটাখুলিৰ ৰণত আহোমসকলে মোগলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰে। গদাধৰ সিংহৰ পিছত ১৬৯৬ খ্ৰীষ্টাব্দত তেওঁৰ বৰপুত্ৰ লাই ৰাজপাটত উঠি চুখ্ৰুংফা বা ৰুদ্ৰ সিংহ নাম লয়। তেওঁক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়।[7]

স্মৃতি

প্ৰত্নতত্ব

মাকৰ স্মৃতি ৰক্ষাৰ্থে চুখ্ৰুংফাই ১৬৯৭ খ্ৰীষ্টাব্দত জেৰেঙা পথাৰৰ ঠাইটুকুৰাত জয়সাগৰ পুখুৰী খন্দোৱায় আৰু তাৰ পাৰতে জয়দৌল নিৰ্মাণ কৰোৱায় আৰু জয়মতীৰ মৈদামত ফাকুৱা দৌল নিৰ্মাণ কৰায়।[9] [4]

জয়মতী দিৱস

জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই অনাৰ লগতে জাতীয় জীৱনৰ প্ৰতিটো দিশলৈ সুস্থিৰতা আনে।[10] অসমত প্ৰতি বছৰৰ ১৩ চ'ত তাৰিখে (২৭ মাৰ্চ') জয়মতীৰ এই মহান ত্যাগক স্মৰণ কৰি "জয়মতী দিৱস" অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ অসম চৰকাৰে জয়মতীৰ নামত ২০১৩ চনৰ পৰা এটা বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।[11]

জনপ্ৰিয় সংস্কৃতিত

জয়মতীক কেন্দ্ৰ কৰিয়েই জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল। ২০০৬ চনত পুনৰ মঞ্জু বৰাৰ পৰিচালনাৰে জয়মতী নামেৰে আন এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। [5]

লগতে চাওক

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.