From Wikipedia, the free encyclopedia
ৰাফেল "ৰাফা" নাডাল পাৰেৰা (স্পেনিছ: [rafaˈel naˈðal paˈɾeɾa]; [5] জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ ২০৯ সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু পাঁচবাৰকৈ বৰ্ষান্তৰ শীৰ্ষস্থান লাভ কৰিছিল। নাডালে ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰ'জাৰ ফেডেৰাৰ আৰু নোভাক জʼকোভিচৰ সৈতে যুটীয়াভাৱে অভিলেখ স্থাপন কৰিছে। ইয়াৰোপৰি তেওঁ ৩৬টা মাষ্টাৰ্ছ ১০০০ একক শাখাৰ খিতাপ অৰ্জনেৰে নোভাক জʼকোভিচৰ সৈতে শীৰ্ষস্থানত আছে।
সম্পূৰ্ণ নাম | Rafael Nadal Parera |
---|---|
দেশ | স্পেইন |
বাসস্থান | মেনাকৰ, মেলৰ্কা, স্পেইন |
জন্ম | ০৩ জুন, ১৯৮৬ (৩৮ বছৰ) মেনাকৰ, মেলৰ্কা, স্পেইন |
উচ্চতা | ১.৮৫ মিটাৰ (U=ft}})[1][2] |
পেচা গ্ৰহণ | ২০০১ |
হস্তশৈলী | বাঁওহতীয়া (উভয়হতীয়া বেকহেণ্ড) |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | ১২৪,৪৮০,০৩২ ইউ এছ ডলাৰ
|
আনুষ্ঠানিক ৱেব ছাইট | rafaelnadal.com |
কেৰিয়াৰৰ অভিলেখ | ১০২২–২০৭ |
কেৰিয়াৰৰ খিতাপ | ৮৮ (মুক্ত কালৰ চতুৰ্থ সৰ্বাধিক) |
সৰ্ব্বোচ্চ ৰেংকিং | ১ম (১৮ আগষ্ট ২০০৮) |
বৰ্তমানৰ ৰেংকিং | ৮ম (২৭ ফেব্ৰুৱাৰী ২০২৩)[3] |
অষ্ট্ৰেলিয়ান অ'পেন | বিজয়ী (২০০৯, ২০২২) |
ফ্ৰেন্স অ'পেন | বিজয়ী (২০০৫, ২০০৬, ২০০৭, ২০০৮, ২০১০, ২০১১, ২০১২, ২০১৩, ২০১৪, ২০১৭, ২০১৮, ২০১৯, ২০২০) |
উইম্বলডন | বিজয়ী (২০০৮, ২০১০) |
ইউ এছ অ’পেন | বিজয়ী (২০১০, ২০১৩, ২০১৭, ২০১৯) |
আন প্ৰতিযোগিতা | |
এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলচ্ | ফাইনেল (২০১০, ২০১৩) |
অলিম্পিক | বিজয়ী (২০০৮) |
কেৰিয়াৰৰ অভিলেখ | ১৩৭–৭৪ |
কেৰিয়াৰৰ খিতাপ | ১১ |
সৰ্ব্বোচ্চ ৰেংকিং | ২৬ (৮ আগষ্ট ২০০৫) |
বৰ্তমান ৰেংকিং | ৫০৬ (২০২১-৫-২৪ )[4] |
অষ্ট্ৰেলিয়ান অ'পেন | তৃতীয় ৰাউণ্ড (২০০৪, ২০০৫) |
উইম্বলডন | দ্বিতীয় ৰাউণ্ড (২০০৫) |
ইউ এছ অ’পেন | ছেমি ফাইনেল (২০১৪) |
আন দ্বৈত প্ৰতিযোগিতা | |
অলিম্পিক | বিজয়ী (২০১৬) |
24 May 2021ত শেষবাৰ আপডেট কৰা হৈছে। |
নাডালে ১৩টা ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰি অভিলেখ গঢ়িছে। তেওঁ লাভ কৰা ৮৮টা খিতাপৰ ৬২টাই ধূলিয়ৰী পৃষ্ঠ বা ক্লে' কোৰ্টৰ। ইয়াৰে ভিতৰত ৩৬টা এটিপি মাষ্টাৰ্ছ ১০০০ শাখাৰ খিতাপ আৰু তাৰে ২৬টাই ক্লে' কোৰ্ট বা মাটি পৃষ্ঠৰ। এই পৃষ্ঠত তেওঁ একেলেথাৰিয়ে ৮১খন মেটচত জয়লাভ কৰি অভিলেখ গঢ়িছে।
শৈশৱ কালৰেপৰা বৃত্তিগত কেৰিয়াৰৰ অধিকাংশ কাল ৰাফেল নাডালে খুড়াক টনি নাডালৰপৰা প্ৰশিক্ষণ লাভ কৰিছিল। ১৯ বছৰ বয়সতে ফ্ৰেন্স অপেন আৰু এটিপি মাষ্টাৰ্ছ শাখায় ১৬টা খিতাপ জয়ৰ লগতে বিশ্ব ৰেংকিংৰ দ্বিতীয় স্থান দখলেৰে এটিপিৰ ইতিহাসত তেওঁ সবাতোকৈ সফল কিশোৰ খেলুৱৈৰ ভিতৰত অন্যতম। ২০০৮ চনত ৰ'জাৰ ফেডেৰাৰক ক্লে' কোৰ্টত পৰাজিত কৰি নাডালে প্ৰথমবাৰৰ বাবে বিশ্ব ৰেংকিংৰ শীৰ্ষস্থান দখল কৰিছিল। একে বছৰতে তেওঁ গ্ৰীষ্মকালীন অলিম্পিকৰ স্বৰ্ণপদকো জয় কৰে। ২০১০ চনৰ ইউ এছ অপেন খিতাপ জয়ৰ যোগেদি তেওঁ কেৰিয়াৰ গ্ৰেণ্ড শ্লাম সম্পূৰ্ণ কৰে। অলিম্পিকৰ স্বৰ্ণ জয় কৰাৰ পিছতেই তেওঁ কেৰিয়াৰ গ'ল্ডেন শ্লাম সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অৰ্জন কৰে। পৰৱৰ্তী দশকত নাডালৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰ ৰূপত জ'কোভিচৰ উত্থান ঘটে। ১৯বাৰ মুখ্য শাখাসমূহৰ ফাইনেলকে ধৰি দুয়ো ৫৭বাৰ মুখামুখি হৈছে যি মুক্ত কাল বা অপেন এৰাৰ পুৰুষৰ প্ৰতিদ্বন্দ্বিতাসমূহৰ ভিতৰত সৰ্বাধিক।
নাডালে চাৰিবাৰকৈ এটিপি ৱৰ্ল্ড ট্যুৰৰ ষ্টিফেন এডবাৰ্গ স্পৰ্টছমেনশ্বিপ বঁটা জয় কৰাৰ লগতে ২০১১ আৰু ২০২১ চনত ল'ৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেনশ্বিপ অফ দ্য ইয়েৰ বঁটা লাভ কৰিছে। স্পেইনক প্ৰতিনিধিত্ব কৰি তেওঁ একক আৰু দ্বৈত উভয় শাখাতে স্বৰ্ণপদক জয়ৰ লগতে দেশৰ ডেভিচ কাপ দলৰ নেতৃত্ব দি পাঁচবাৰকৈ জয়ৰ সোৱাদ দিছে। নিজৰ গৃহচহৰ মেল'ৰ্কাত নাডালে এখন টেনিছ একাডেমীও প্ৰতিষ্ঠা কৰিছে।
নাডালৰ জন্ম হয় স্পেইনৰ মেনাকৰ নামৰ চহৰত। তেওঁৰ মাতৃৰ নাম আনা মাৰিয়া পাৰেৰা ফিমেনিয়াছ আৰু পিতৃৰ নাম ছেবাষ্টিয়ান নাডাল হোমাৰ। তেওঁৰ পিতৃৰ নিজা বীমা কোম্পানী, কাঁচ আৰু খিৰিকীৰ ব্যৱসায় আৰু ছা পুণ্টা নামৰ এক ৰেষ্টুৰেণ্ট আছে। মাৰিয়া ইজাবেল নাডালৰ ভগ্নী। টেনিছ খেলুৱৈগৰাকীৰ খুড়াক মিগুৱেল এঞ্জেল নাডাল এজন অৱসৰপ্ৰাপ্ত ফুটবলাৰ। তেওঁ আৰচিডি মেল'ৰ্কা, এফচি বাৰ্চিলোনা আৰু স্পেইনৰ জাতীয় দলৰ হৈ খেলিছিল।[6] শৈশৱকালত নাডালে ব্ৰাজিলৰ ষ্ট্ৰাইকাৰ ৰোণাল্ডোক অনুসৰণ কৰিছিল আৰু নিজ খুড়াকৰ সহায়ত বাৰ্চিলোনাৰ ড্ৰেচিং কোঠালৈ ৰোণাল্ডোৰ সৈতে এখন ফটো তুলিবৰ বাবে গৈছিল।[7] অন্য এজন খুড়াক টেনিছ প্ৰশিক্ষক টনি নাডালে শিশু ৰাফেলৰ স্বতঃস্ফূৰ্ত প্ৰতিভা লক্ষ্য কৰি তিনি বছৰ বয়সতে টেনিছৰ সৈতে তেওঁৰ পৰিচয় কৰাই দিয়ে।[8]
৮ বছৰ বয়সত নাডালে ১৩ বছৰ বয়সৰ অনুৰ্ধৰ স্থানীয় এখন টেনিছ খেলত জয়ী হয়। একেসময়তে তেওঁ ফুটবলতো পাৰদৰ্শিতা দেখুৱায়।[9] ইয়াৰ পিছতেই টনি নাডালে তেওঁৰ প্ৰশিক্ষণৰ মাত্ৰা বঢ়াই দিয়ে। সেই সময়ত নাডালৰ দুয়োহতীয়া ফ'ৰহেণ্ড খেলৰ ক্ষমতা দেখি খুড়াকে তেওঁক খেলপথাৰত স্বাভাৱিক সুবিধাৰ বাবে বাঁওহাতেৰে খেলিবলৈ উৎসাহিত কৰে।[9]
১২ বছৰ বয়সত নাডালে উক্ত বয়সৰ স্পেনিছ আৰু ইউৰোপীয়ান টেনিছ খিতাপ জয় কৰে আৰু লগতে ফুটবল খেলো অব্যাহত ৰাখে।[9] নাডালৰ পিতৃয়ে বিদ্যালয়ৰ কামত হেঙাৰ নপৰিবৰ বাবে ফুটবল আৰু টেনিছৰ যিকোনো এটা বাছি ল'বলৈ কয়। তেতিয়াই একে আষাৰতে নাডালে টেনিছক নিৰ্বাচন কৰে।[9]
১৪ বছৰ বয়সত স্পেনিছ টেনিছ ফেডাৰেচনে প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ নাডালক মেল'ৰ্কা এৰি বাৰ্চিলোনালৈ উঠি আহিবলৈ অনুৰোধ কৰে। অৱশ্যে শিক্ষা গ্ৰহণ বাধাগ্ৰস্ত হোৱাৰ আশংকাত তেওঁৰ পৰিয়ালে এই প্ৰস্তাৱত অনুমোদন নজনায়[9] আৰু টনি নাডালে কয় যে ভাল খেলুৱৈ হ'বলৈ তেওঁৰ আমেৰিকা বা আন ঠাইলৈ যোৱাৰ প্ৰয়োজন নাই; এয়া ঘৰত থাকিয়েই কৰিব পাএই।[8] ঘৰতে থকাৰ সিদ্ধান্তৰ বাবে ফেডাৰেচনে বিত্তীয় সাহায্য কমাই দিয়ে আৰু নাডালৰ পিতৃয়েই খৰছসমূহ বহন কৰিবলগা হয়। ২০০১ চনত ক্লে' কোৰ্টৰ এক প্ৰদৰ্শনীমূলক খেলত নাডালে পূৰ্বৰ গ্ৰেণ্ড শ্লাম বিজয়ী পেট কেছক পৰাজিত কৰে।[6]
নাডালে ১৫ বছৰ বয়সৰপৰাই বৃত্তিমূলক টেনিছত সোমাই পৰে[10] আৰু ইণ্টাৰনেচনেল টেনিচ ফেডাৰেচন বা চমুকৈ আইটিএফৰ দুটা জুনিয়ৰ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০০২ চনৰ ২৯ এপ্ৰিলত ১৫ বছৰ ১০ মাহতেই তেওঁ ৰেম'ন ডেলগেড'ক পৰাজিত কৰি প্ৰথমখন এটিপি মেটচত বিজয় সাব্যস্ত কৰে। সেই সময়ত বিশ্ব ৰেংকিংত তেওঁৰ স্থান আছিল ৭৬২।[11][12]
২০০১ চনত নাডালে চেলেঞ্জাৰ শৃংখলাৰ একক শাখাত এখন খেলত জিকে যদিও এখনত পৰাজয় বৰণ কৰে। আইটিএফ ফিউচাৰছত একক আৰু দ্বৈত মেটচত তেওঁৰ জিকা আৰু হৰাৰ অনুপাত আছিল যথাক্ৰমে ৭-৫ আৰু ১-২।[13]
২০০২ চনত ১৬ বছৰ বয়সীয়া নাডাল উইম্বলডনৰ ল'ৰা শাখাৰ (পুৰুষ শাখা নহয়) ছেমিফাইনেল পায়গৈ।[14] সেই বছৰতে জুনিয়ৰ ডেভিচ কাপত যুক্তৰাষ্ট্ৰ পৰাজিত কৰাত স্পেইনৰ হৈ তেওঁ অৱদান আগবঢ়ায়।[14][15] ২০০২ চনৰ চেলেঞ্জাৰ শৃংখলাত তেওঁ অংশগ্ৰহণ কৰা নাছিল যদিও ফিউচাৰছৰ একক আৰু দ্বৈত শাখাত তেওঁৰ জিকা-হৰাৰ সংখ্যা আছিল ক্ৰমে ৪০-৯ আৰু ১০-৯। ইয়াত তেওঁ মুঠতে ছটা একক খিতাপ দখল কৰে। ইয়াৰে পাঁচটা আছিল মাটি পৃষ্টৰ আৰু এটা কঠিন পৃষ্ঠৰ।[16][17]
এপ্ৰিল মাহলৈ নাডাল ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ যোগেদি এটিপি আন্তৰ্জাতিক শৃংখলাৰ মেল'ৰ্কা অপেনত (মাটি পৃষ্ঠ) প্ৰৱেশ কৰে আৰু একক তথা দ্বৈত উভয় শাখাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। একক শাখাত তেওঁ ৰেমন ডেলগেড'ক পৰাভূত কৰি নিজৰ প্ৰথমখন এটিপি মেটচত জয়লাভ কৰে। ইয়াৰ পিছত তেওঁ অলিভিয়াৰ ৰ'কাচকো পৰাজিত কৰে।[16] দ্বৈত শাখাত তেওঁ প্ৰথম ৰাউণ্ডতে পৰাজিত হয়।[18]
২০০৩ চনত নাডালে প্ৰথমটো চেলেঞ্জাৰ খিতাপ জয় কৰাৰ লগতে বছৰটোৰ শেষত বিশ্ব ৰেংকিংৰ ৪৯ স্থানত অধিষ্ঠিত হয় আৰু এটিপিৰ নিউকামাৰ অফ দ্য ইয়েৰ বঁটা লাভ কৰে। একে বছৰতে তেওঁ বৰিছ বেকাৰৰ পিছতেই (১৯৮৪) উইম্বলডনৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা কনিষ্ঠতম পুৰুষ হিচাপে পৰিগণিত হয়।[19]
২০০৪ চনত নাডালে টমি ৰব্ৰেড'ৰ সৈতে যুটি বান্ধি মহাৰাষ্ট্ৰ অপেনত যোগদান কৰে।[20] অষ্ট্ৰেলিয়ান অপেনৰ একক শাখাত তেওঁ তৃতীয় ৰাউণ্ড পায়গৈ যদিও লেটন হেৱিটৰ হাতত তিনিটা ছেটত পৰাজিত হয়। ইয়াৰ পিছত ১৭ বছৰীয়া নাডালে সেই সময়ৰ প্ৰথম স্থানৰ খেলুৱৈ ৰ'জাৰ ফেডাৰাৰক মিয়ামি অপেনত পোনপটীয়া ছেটত পৰাজিত কৰে[21][22] যদিও চতুৰ্থ ৰাউণ্ডত ফাৰ্ণাণ্ডো গঞ্জালেছৰ হাতত পৰাজিত হয়। সেই বছৰ কিলাকুটিৰ আঘাতৰ বাবে তেওঁ ফ্ৰেন্স অপেনকে ধৰি বহুকেইখন ক্লে' কোৰ্টৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰপৰা বিৰত থাকে।[6] আগষ্ট মাহত তেওঁ প্ৰ'কম অপেনত কেৰিয়াৰৰ প্ৰথমটো একক এটিপি খিতাপ জয় কৰে।[23]
১৮ বছৰ ৬ মাহ বয়সত নাডাল বিজয়ী দেশৰ বাবে ডেভিচ কাপ ফাইনেলত বিজয় সাব্যস্ত কৰা কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হয়।[24]
ফলাফল | বৰ্ষ | টুৰ্ণামেণ্ট | পৃষ্ঠ | প্ৰতিদ্বন্দ্বী | স্কোৰ |
---|---|---|---|---|---|
বিজয়ী | ২০০৫ | ফ্ৰেন্স অপেন | মাটি | মেৰিয়ান' পুয়েৰ্টা | ৬–৭(৬–৮), ৬–৩, ৬–১, ৭–৫ |
বিজয়ী | ২০০৬ | ফ্ৰেন্স অপেন (২) | মাটি | ৰ'জাৰ ফেডেৰাৰ | ১–৬, ৬–১, ৬–৪, ৭–৬(৭–৪) |
পৰাজিত | ২০০৬ | উইম্বলডন | ঘাঁহ | ৰ'জাৰ ফেডেৰাৰ | ০–৬, ৬–৭(৫–৭), ৭–৬(৭–২), ৩–৬ |
বিজয়ী | ২০০৭ | ফ্ৰেন্স অপেন (৩) | মাটি | ৰ'জাৰ ফেডেৰাৰ | ৬–৩, ৪–৬, ৬–৩, ৬–৪ |
পৰাজিত | ২০০৭ | উইম্বলডন | ঘাঁহনি | ৰ'জাৰ ফেডেৰাৰ | ৬–৭(৭–৯), ৬–৪, ৬–৭(৩–৭), ৬–২, ২–৬ |
বিজয়ী | ২০০৮ | ফ্ৰেন্স অপেন (৪) | মাটি | ৰ'জাৰ ফেডেৰাৰ | ৬–১, ৬–৩, ৬–০ |
বিজয়ী | ২০০৮ | উইম্বলডন | ঘাঁহনি | ৰ'জাৰ ফেডেৰাৰ | ৬–৪, ৬–৪, ৬–৬(৫–৭), ৬–৭(৮–১০), ৯–৭ |
বিজয়ী | ২০০৯ | অষ্ট্ৰেলিয়ান অপেন | কঠিন | ৰ'জাৰ ফেডেৰাৰ | ৭–৫, ৩–৬, ৭–৬(৭–৩), ৩–৬, ৬–২ |
বিজয়ী | ২০১০ | ফ্ৰেন্স অপেন (৫) | মাটি | ৰবীন ছ'ডৰ্লিং | ৬–৪, ৬–২, ৬–৪ |
বিজয়ী | ২০১০ | উইম্বলডন (২) | ঘাঁহনি | টমাছ বাৰ্ডিক | ৬–৩, ৭–৫, ৬–৪ |
বিজয়ী | ২০১০ | ইউ এছ অপেন | কঠিন | নোভাক জʼকোভিচ | ৬–৪, ৫–৭, ৬–৪, ৬–২ |
বিজয়ী | ২০১১ | ফ্ৰেন্স অপেন (৬) | মাটি | ৰ'জাৰ ফেডেৰাৰ | ৭–৫, ৭–৬(৭–৩), ৫–৭, ৬–১ |
পৰাজিত | ২০১১ | উইম্বলডন | ঘাঁহনি | নোভাক জʼকোভিচ | ৪–৬, ১–৬, ৬–১, ৩–৬ |
পৰাজিত | ২০১১ | ইউ এছ অপেন | কঠিন | নোভাক জʼকোভিচ | ২–৬, ৪–৬, ৭–৬(৭–৩), ১–৬ |
পৰাজিত | ২০১২ | অষ্ট্ৰেলিয়ান অপেন | কঠিন | নোভাক জʼকোভিচ | ৭–৫, ৪–৬, ২–৬, ৭–৬(৭–৫), ৫–৭ |
বিজয়ী | ২০১২ | ফ্ৰেন্স অপেন (৭) | মাটি | নোভাক জʼকোভিচ | ৬–৪, ৬–৩, ২–৬, ৭–৫ |
বিজয়ী | ২০১৩ | ফ্ৰেন্স অপেন (৮) | মাটি | ডেভিড ফেৰাৰ | ৬–৩, ৬–২, ৬–৩ |
বিজয়ী | ২০১৩ | ইউ এছ অপেন (২) | কঠিন | নোভাক জʼকোভিচ | ৬–২, ৩–৬, ৬–৪, ৬–১ |
পৰাজিত | ২০১৪ | অষ্ট্ৰেলিয়ান অপেন | কঠিন | ষ্টান ৱাৱৰিংকা | ৩–৬, ২–৬, ৬–৩, ৩–৬ |
বিজয়ী | ২০১৪ | ফ্ৰেন্স অপেন (৯) | মাটি | নোভাক জʼকোভিচ | ৩–৬, ৭–৫, ৬–২, ৬–৪ |
পৰাজিত | ২০১৭ | অষ্ট্ৰেলিয়ান অপেন | কঠিন | ৰ'জাৰ ফেডেৰাৰ | ৪–৬, ৬–৩, ১–৬, ৬–৩, ৩–৬ |
বিজয়ী | ২০১৭ | ফ্ৰেন্স অপেন (১০) | মাটি | ষ্টান ৱাৱৰিংকা | ৬–২, ৬–৩, ৬–১ |
বিজয়ী | ২০১৭ | ইউ এছ অপেন (৩) | কঠিন | কেভিন এণ্ডাৰছন | ৬–৩, ৬–৩, ৬–৪ |
বিজয়ী | ২০১৮ | ফ্ৰেন্স অপেন (১১) | মাটি | ড'মিনিক থিয়েম | ৬–৪, ৬–৩, ৬–২ |
পৰাজিত | ২০১৯ | অষ্ট্ৰেলিয়ান অপেন | কঠিন | ন'ভাক জক'ভিচ | ৩–৬, ২–৬, ৩–৬ |
বিজয়ী | ২০১৯ | ফ্ৰেন্স অপেন (১২) | মাটি | ড'মিনিক থিয়েম | ৬–৩, ৫–৭, ৬–১, ৬–১ |
বিজয়ী | ২০১৯ | ইউ এছ অপেন (৪) | কঠিন | ডানিল মেডৱিডেভ | ৭–৫, ৬–৩, ৫–৭, ৪–৬, ৬–৪ |
বিজয়ী | ২০২০ | ফ্ৰেন্স অপেন (১৩) | মাটি | নোভাক জʼকোভিচ | ৬-০, ৬–২, ৭–৫ |
গৃহচহৰ মেল'ৰ্কাত নাডালৰ ৪০ হাজাৰ বৰ্গমিটাৰ জোৰা নিজা ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আছে য'ত তেওঁ নিজে প্ৰশিক্ষণ প্ৰদান কৰে।[25] গ্ৰীচ, কুৱেইট আৰু মেক্সিকোতো এই প্ৰশিক্ষণ কেন্দ্ৰৰ শাখা অৱস্থিত।[26][27][28][29]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.