২০২২ চনৰ ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈকে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ কমনৱেলথ গেমছত ভাৰতে সফলতাৰে অংশগ্ৰহণ কৰে।[1] কমনৱেলথ গেমছত এয়া আছিল ভাৰতৰ ১৮ সংখ্যক অংশগ্ৰহণ।

ক্ষিপ্ৰ তথ্য ২০২২ কমনৱেলথ গেমছত ভাৰতবৰ্ষ, চিজিএ ক'ড ...
২০২২ কমনৱেলথ গেমছত ভাৰতবৰ্ষ
Thumb
ভাৰতৰ জাতীয় পতাকা
চিজিএ ক'ড  IND
চিজিএ ভাৰতীয় অলিম্পিক সংঘ
ৱেবছাইটolympic.ind.in
বাৰ্মিংহাম, ইংলেণ্ড
২৮ জুলাই ২০২২ (2022-07-28) - ৮ আগষ্ট ২০২২ (2022-08-08)
প্ৰতিযোগী ২১০ জন (১০৬ জন পুৰুষ আৰু ১০৪ গৰাকী মহিলা) ১৬ টা ক্ৰীড়াত
আৰম্ভনি পতাকা বহনকাৰী মনপ্ৰীত সিং
পি. ভি. সিন্ধু
সামৰণি পতাকা বহনকাৰী নিখাত জাৰিণ
অচন্ত শৰৎ কমল
পদক
স্থান: 
স্বৰ্ণ
২২
ৰূপ
১৬
ব্ৰঞ্জ
২৩
মুঠ
৬১
কমনৱেলথ গেমছত ভাৰতবৰ্ষ (ইতিহাস)
১৯৩৪ * ১৯৩৮ * ১৯৫০ * ১৯৫৪ * ১৯৫৮ * ১৯৬২ * ১৯৬৬ * ১৯৭০ * ১৯৭৪ * ১৯৭৮ * ১৯৮২ * ১৯৮৬ * ১৯৯০ * ১৯৯৪ * ১৯৯৮ * ২০০২ * ২০০৬ * ২০১০ * ২০১৪ * ২০১৮ * ২০২২
বন্ধ কৰক

২০২২ চনৰ জুলাই মাহত কমনৱেলথ গেমছৰ ১৬টা বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১০৬ জন পুৰুষ খেলুৱৈ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈৰে গঠিত এটা দল প্ৰেৰণ কৰা হৈছিল।[2] এই গেমছত ভাৰতে ৩x৩ বাস্কেটবল, বিচ ভলীবল, নেটবল আৰু ৰাগবী চেভেনছত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। ভাৰতীয় পেৰা এথলীটসকলে এথলেটিকছ, পেৰা পাৱাৰলিফটিং, ছুইমিং আৰু টেবুল টেনিছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাৰ আৰম্ভণী অনুষ্ঠানত ভাৰতীয় হকী খেলুৱৈ মনপ্ৰীত সিং আৰু বেডমিণ্টন খেলুৱৈ পি. ভি. সিন্ধুৱে দেশৰ ৰাষ্ট্ৰীয় পতাকা বহন কৰে।[3][4] মাত্ৰ ১৪ বছৰ বয়সৰ স্কোয়াছ খেলুৱৈ অনাহত সিঙ বৰ্তমানলৈকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।[5] ৪৫ বছৰীয়া লন বলৰ খেলুৱৈ সুনীল বাহাদুৰ আছিল এই দলটোৰ আটাইতকৈ বয়সস্থ খেলুৱৈ। ভাৰতৰ হৈ প্ৰতিযোগিতাখনত প্ৰথমটো পদক লাভ কৰে শংকেত সৰগাৰে। তেওঁ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰে।

২০২২ কমনৱেলথ গেমছত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে সাইখোম মীৰাবাই চানুৱে[6]

মহিলাৰ চাৰিজনীয়া লন বল দলে সোণৰ পদক লাভ কৰাৰ পিছত লন বলত ভাৰতে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হয়, আৰু লগতে পুৰুষ চাৰিজনীয়া লন বল দলে ৰূপৰ পদক লাভ কৰে। টেবুল টেনিছত শৰৎ কমলে চাৰিটা (৩টা সোণ আৰু ১টা ৰূপ) পদক লাভ কৰে।

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.