সৰ্পদংশন
From Wikipedia, the free encyclopedia
সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ এণ্টাৰ্কটিকাৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়।[1] পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক।[2][3] সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।[4][5]
সৰ্পদংশন | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
ফেঁটীসাপ নাজা নাজা | |
আই.চি.ডি.-10 | T63.0, T14.1, W59 (nonvenomous), X20 (venomous) |
আই.চি.ডি.-9 | 989.5, E905.0, E906.2 |
ডিজিজেছ ডে'টাবে'ছ | 29733 |
মেডলাইন প্লাছ | 000031 |
ইমেডিচিন | med/2143 |
MeSH | D012909 |
সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য। সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তদুপৰি অট'ন'মিক নাৰ্ভাছ চীষ্টেমৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে।[2][6] বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা এনাফাইলেক্সিছৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে। সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা সাধাৰণতে সেই অঞ্চলত বসবাস কৰা সাপৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ এটা প্ৰজাতিৰ সাপৰ বাবে কৰা চিকিৎসা আন এটাৰ বাবে কাৰ্যকৰী নহ'বও পাৰে।
সৰ্পদংশনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ভৌগোলিক স্থানভেদে বেলেগ বেলেগ হয়। অষ্ট্ৰেলিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত মৃত্যুৰ হাৰ নগণ্য,[1][7][8] কিন্তু বিশ্বৰ আন বহু ঠাইত, বিশেষকৈ চিকিৎসা সেৱাৰ সুবিধা নথকা গ্ৰামাঞ্চলত সৰ্পদংশনৰ ফলত হোৱা শাৰীৰিক ক্ষতি আৰু মৃত্যু এটা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু নিম্ন-ছাহাৰা আফ্ৰিকাত সৰ্পদংশনৰ ঘটনা বিশ্বৰ ভিতৰতে সৰ্বাধিক। নৱগ্ৰীষ্মপ্ৰধান, বিষুবীয় আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলতো সাপে খোঁটাৰ ঘটনা প্ৰায়েই ঘটি থাকে।[1][7][8] প্ৰতিবছৰে বিশ্বজুৰি প্ৰায় ২০০০০-৯৪০০০ মানুহ সৰ্পদংশনৰ ফলৰ মৃত্যুমুখত পৰে।[1] সুৰক্ষা থকা বিশেষ জোতা পৰিধান কৰি আৰু সাপৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চল পৰিহাৰ কৰি সৰ্পদংশনৰ ঘটনা কমাব পাৰি।