![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f5/Snakes_Diversity.jpg/640px-Snakes_Diversity.jpg&w=640&q=50)
সাপ
From Wikipedia, the free encyclopedia
সাপ বা সৰ্প (ইংৰাজী: Snake) উপাংগবিহীন এক প্ৰকাৰ সৰীসৃপ। পৰম্পৰা আৰু অবৈজ্ঞানীকগতভাৱে সাপ বুলিলে জেঠীজাত জীৱকো বুজায়, যেনে গুইসাপ, কেকোসাপ আদি, মানে সকলো ইস্কুৱামাটাকে বুজায়। বৈজ্ঞানিক শ্ৰেণীবিন্যাস অনুযায়ী, প্ৰাণী (Animalia) জগতৰ, কৰ্ডাটা (Chordata) পৰ্বৰ, মেৰুদণ্ডী (Vertebrata) উপপৰ্বৰ,সৰোপ্সিডা (Sauropsida) শ্ৰেণীৰ, স্কোয়ামাণ্টা (Squamata) বৰ্গৰ, সাৰ্পেণ্টেস(Serpentes) উপবৰ্গৰ সদস্যমূহক সাপ বুলি অভিহিত কৰা হৈছে। সাপ এবিধ শীতলৰক্তী প্ৰাণী। ইয়াৰ জীৱন প্ৰক্ৰিয়া পাৰিপাৰ্শিক বায়ুমণ্ডলীয় উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল।
ক্ষিপ্ৰ তথ্য জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন, Subgroups ...
সাপ জীৱাশ্ম কাল: ১৪৫–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Sauropsida |
উপশ্ৰেণী: | Diapsida |
অনুশ্ৰেণী: | Lepidosauromorpha |
মহাবৰ্গ: | Serpentes |
বৰ্গ: | Squamata |
Subgroups | |
| |
![]() | |
সাপৰ বিতৰণ |
বন্ধ কৰক
পৃথিৱীত বিষধৰ আৰু বিষহীন দুয়ো প্ৰকাৰৰ সাপেই দেখিবলৈ পোৱা যায়। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনে সৰ্পদংশনত তাৎক্ষণিক চিকিৎসা নল'লে মানুহৰ বা আন জীৱ জন্তুৰ মৃত্যু নিশ্চিত।