স্বদেশী আন্দোলন
(১৯০৫-১৯৪৭) ঘৰুৱা কাপোৰ উৎপাদনৰ বাবে হোৱা ভাৰতীয় আন্দোলন / From Wikipedia, the free encyclopedia
স্বদেশী আন্দোলন (ইংৰাজী: Swadeshi Movement) আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা পৰ্যায় বা অংশ। এই আন্দোলনে ভাৰতীয়সকলৰ মাজত ৰাষ্ট্ৰীয়তাবাদী আৱেগ একত্ৰিত কৰিছিল।[1] ১৯০৫ চনৰ বংগ বিভাজনৰ পাছতেই, ১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে কলিকতাৰ টাউন হলৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল বিদেশী বস্তু-সামগ্ৰী বয়কট (দমন) কৰি স্বদেশী উৎপাদনত আত্মনিয়োগ কৰা আৰু নিৰ্ভৰশীল হোৱা।[2]মহাত্মা গান্ধীয়ে স্বদেশী আন্দোলনক স্বৰাজৰ আত্মা হিচাপে গণ্য কৰিছে। আন্দোলনটোৱে এসময়ত ব্যাপক ৰূপ ধাৰণ কৰিছিল আৰু এই ব্যাপকতাক এমুঠি প্ৰতিপত্তিশালী ভাৰতীয়ইও ধন আৰু ভূমিদানৰ জৰিয়তে সমৃদ্ধ কৰিছিল। খাদী আৰু গ্ৰামোদ্যোগ সমাজলৈ উছৰ্গা কৰি সেই ভূমি আগবঢ়োৱা হৈছিল। ইয়াৰ ফলত প্ৰায় প্ৰতিঘৰতেই নিজাকৈ বস্ত্ৰ উৎপাদন আৰম্ভ হৈছিল। গ্ৰামাঞ্চলৰ উদ্যোগসমূহো আত্মনিৰ্ভৰশীল হৈ পৰিছিল।[3] ভাৰতীয় জাতীয় কংগ্ৰেছে এই আন্দোলনটোক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবাসীক স্বাধীনতাৰ সোৱাদ দিছিল। সেইদিনা এখন হাতেৰে বোৱা অশোক চক্ৰ সম্বলিত খাদী ত্ৰিৰংগা পতাকা পণ্ডিত জৱাহৰলাল নেহৰুৱে নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ 'প্ৰিঞ্চেছ পাৰ্ক'ত উৰুৱাইছিল।[4]