সোণালী বান্দৰ
বান্দৰৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
সোণালী বান্দৰ (ইংৰাজী: Golden langur) পোণপ্ৰথমে ১৯৫৪ চনত আৱিস্কৃত হৈছিল৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰতবৰ্ষত মূলতঃ পশ্চিম অসম,[2][3] ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় [4][5]৷এই প্ৰাণীবিধৰ দৈহিক গঠন তথা বিস্তৃতি সম্পৰ্কে গী (Gee,১৯৫৬) আৰু খাজুৰীয়া (Khajuria ,১৯৫৬, ১৯৬২) ই প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়ায়৷ এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচীৰ (Schedule I) প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷
ক্ষিপ্ৰ তথ্য সোণালী বান্দৰ, সংৰক্ষণ স্থিতি ...
সোণালী বান্দৰ | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Trachypithecus |
Species group: | T. pileatus |
প্ৰজাতি: | T. geei |
বৈজ্ঞানিক নাম | |
Trachypithecus geei (Khajuria, 1956) | |
সোণালী বান্দৰৰ বিতৰণ |
বন্ধ কৰক