![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/Bufo_periglenes2.jpg/640px-Bufo_periglenes2.jpg&w=640&q=50)
বিপন্ন প্ৰজাতি
From Wikipedia, the free encyclopedia
বিপন্ন প্ৰজাতি (ইংৰাজী: Endangered species; EN) বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। "বিপন্ন" হৈছে IUCN'ৰ বন্য জীৱসমষ্টিৰ সংৰক্ষণ স্থিতি সম্পৰ্কীয় পৰিকল্পনাত ঘোৰ সংকটজনক (CR)ৰ পাছতেই স্থান প্ৰাপ্ত দ্বিতীয় বৃহৎ বিভাগ।
ক্ষিপ্ৰ তথ্য সংৰক্ষণ স্থিতি আই ইউ চি এন ৰঙা তালিকাৰ বিভাগ অনুসৰি, বিলুপ্ত ...
সংৰক্ষণ স্থিতি | |
---|---|
বিলুপ্ত | |
|
|
অৰণ্যত বিলুপ্ত | |
|
|
সংকটজনক | |
|
|
সংকটাসন্ন | |
|
|
ন্যূনতম উদ্বেগজনক | |
| |
অন্যান্য শ্ৰেণীসমূহ | |
|
(তালিকা) |
সম্পৰ্কীয় বিষয়সমূহ
| |
![]() ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ আৰু নেচাৰছাৰ্ভ ষ্টেটাছৰ তুলনা ![]() | |
বন্ধ কৰক
২০১২ চনৰ আই ইউ চি এন ৰঙা তালিকাত সমগ্ৰ বিশ্বৰ ৩০৭৯টা প্ৰাণী আৰু ২৬৫৫টা উদ্ভিদ প্ৰজাতিক বিপন্ন (EN) হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।[1] ১৯৯৮ চনত এই সংখ্যা আছিল ক্ৰমে, ১১০২ আৰু ১১৯৭।
বহু ৰাষ্ট্ৰই সংৰক্ষণ-নিৰ্ভৰ প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে: যেনে, চিকাৰ নিষিদ্ধকৰণ।