সাঁচিপাত
সাঁচিগছৰ ছালৰ পৰা আখৰ লিখিবৰ বাবে তৈয়াৰ কৰা পত্ৰ / From Wikipedia, the free encyclopedia
সাঁচিপাত হৈছে সাঁচিগছৰ (Aquilaria agallocha) ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে। অসমৰ সাহিত্যৰ প্ৰথম চানেকিস্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত। পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলৰ তত্ত্বাৱধানত অসমৰ চুকে কোণে সিঁচৰিত হৈ থা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ'বলৈ ধৰে। এই পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগ্ৰহীত আৰু সংৰক্ষিত হৈ আছে। [1]
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |