সতী
বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী / From Wikipedia, the free encyclopedia
সতী (সংস্কৃত: सती ) হৈছে হিন্দুধৰ্মৰ বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী। হিন্দু ধৰ্মাৱলম্বী মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনাৰ্থে তেওঁৰ পূজা অৰ্চনা কৰে। সতী দেৱীক শিৱৰ প্ৰথম পত্নী বুলি গণ্য কৰা হয়। পাৰ্বতী, যাক সতীৰ পুনৰ জন্ম বুলি কোৱা হয়। সতীক দাক্ষায়ণী (সংস্কৃত: दाक्षायणी ) নামেৰেও জনা যায়; যাৰ অৰ্থ হৈছে- “দক্ষৰ কন্যা” বা “জীয়াৰী”।
সতী | |
---|---|
শক্তিৰ দেৱী, বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী | |
সতীৰ প্ৰতি শিৱৰ শোক প্ৰকাশ, ১৯শতিকাৰ কালিঘাট পেইণ্টিং | |
অন্য নাম | দাক্ষায়ণী, দাক্ষাকন্যা |
দেৱনাগৰী | सती |
সংস্কৃত লিপ্যন্তৰ | Satī |
সম্পৰ্ক | দেৱী, আদি পৰাশক্তি, পাৰ্বতী |
নিবাস | কৈলাস |
সঙ্গী | শিৱ |
পিতৃ-মাতৃ | দক্ষ (পিতৃ), প্ৰসূতি (মাতৃ) |
হিন্দু পাঠ্য | পুৰাণ, কুমাৰসম্ভৱম, তন্ত্ৰ |
সতীৰ বিষয়ে ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থাকিলেও তেওঁৰ বিষয়ে পুৰাণসমূহতহে বিস্তাৰিতভাৱে উল্লেখ পোৱা যায়। কিংবদন্তীসকলৰ মতে, সতী প্ৰজাপতি দক্ষৰ প্ৰিয় সন্তান আছিল। ব্ৰহ্মাৰ পুত্ৰ দক্ষ বিষ্ণুভক্ত আছিল আৰু তেওঁ শিৱক সমূলি পচন্দ কৰা নাছিল; তৎস্বত্বেও সতীয়ে তেওঁৰ পিতৃ দক্ষৰ ইচ্ছাৰ বিৰূদ্ধে দেৱাদিদেৱ মহাদেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দক্ষযজ্ঞৰ সময়ত দক্ষই তেওঁৰ কন্যা সতীক অপমান কৰাৰ পিছত, সতীয়ে তেওঁৰ পিতৃৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আৰু তেওঁৰ স্বামী মহাদেৱৰ সন্মান ৰক্ষাৰ্থে নিজ প্ৰাণ ত্যাগ কৰে।[1] মৃত্যুৰ পিছত তেওঁ হিমালয়ৰ গৃহত পাৰ্বতী নামেৰে জন্মগ্ৰহণ কৰে আৰু কঠোৰ তপস্যা কৰি শিৱক পতিৰূপে বৰণ কৰে। হিন্দু ধৰ্মত, সতী আৰু পাৰ্বতী দুয়োগৰাকীয়ে তপস্বী শিৱক বিচ্ছিন্নতাৰ পৰা আঁতৰাই বিশ্বৰ সৃষ্টিশীল দিশলৈ লৈ অনাত বিশেষ ভূমিকা পালন কৰে।[2]
সতীৰ এই কাহিনীয়ে হিন্দু ধৰ্মৰ শৈৱধৰ্ম আৰু শাক্তধৰ্ম নামেৰে দুটা বিশিষ্ট সম্প্ৰদায়ৰ পৰম্পৰা গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশ্বাস কৰা হয় যে, সতীৰ মৃতদেহ ছিন্নবিছিন্নকৈ শ্ৰীবিষ্ণুৰ সুদৰ্শন চক্ৰৰে একান্নটা অংশত খণ্ডিত হয় আৰু সেই অংশ যি যি ঠাই পৰিছে সেই ঠাইত শক্তিপীঠ গঢ়ি উঠিছে। ঐতিহাসিক সতীদাহ প্ৰথা য’ত এগৰাকী হিন্দু বিধৱা নাৰীয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ মৃত স্বামীৰ সৈতে চিতাত আত্মজাহ দিয়ে, এই প্ৰথাটো সতী দেৱীৰ নামেৰে নামকৰণ আৰু আৰ্হি নিৰ্ধাৰণ কৰা হয়, যদিও সতী ইয়াৰ উৎপত্তি নহয়।