দেৱী
From Wikipedia, the free encyclopedia
একে নামৰ ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখনৰ বাবে, দেৱী (চলচ্চিত্ৰ) চাওক।
দেৱী হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে ভগৱতী বা পূজিতা স্ত্ৰী। দেৱী হৈছে দেৱ শব্দৰ স্ত্ৰীৰূপ। যাৰ অৰ্থ হৈছে স্বৰ্গীয়, ঐশ্বৰিক বা বিশিষ্ট।
হিন্দু ধৰ্মত দেৱী
দুই হাজাৰ খ্ৰীষ্টপূৰ্বত প্ৰণীত হোৱা বেদত দেৱী বা ভগৱতীৰ বিষয়ে উল্লেখ আছে। যদিও সেই সময়ত তেওঁলোকে মূখ্য ভূমিকা লোৱা নাছিল।[1]:6–17, 55–64 পাৰ্বতী আৰু দুৰ্গাৰ দৰে দেৱীক বৰ্তমান সময়লৈ পূজা কৰি অহা হৈছে। মধ্যযুগত ৰচিত পুৰাণসমূহত দেৱীৰ লগত জড়িত সাহিত্য তথা পৌৰাণিক কাহিনী অধিকভাৱে সংযোজন কৰা হৈছে। যেনে দেৱী মাহাত্ম্যম নামৰ গ্ৰন্থখনত দেৱীক চুড়ান্ত সত্য তথা মহাশক্তিৰ অধিকাৰী হিচাপে দেখুওৱা হৈছে। তাত দেৱীয়ে সনাতন ধৰ্মত শাক্তপ্ৰথাৰ প্ৰৱেশত উদগনি যোগাইছে।[2] এই ঐশ্বৰিক দেৱীসকলৰ হিন্দু ধৰ্মত শক্তিশালী উপস্থিতি আছে।[3] দেৱীক শৈৱ আৰু শক্তিপ্ৰথাৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।[1][4]