শিখ ধৰ্ম
From Wikipedia, the free encyclopedia
শিখ ধৰ্ম[1] এটা একেশ্বৰবাদী ধৰ্ম।[2] এই ধৰ্মৰ অনুসৰণকাৰী সকলক শিখ বুলি কোৱা হয়। খৃষ্টীয় পঞ্চদশ শতাব্দীত পঞ্জাবত এই ধৰ্ম প্ৰৱৰ্তিত হয়। এই ধৰ্মৰ মূল ভিত্তি গুৰু নানক দেৱ আৰু এখেতৰ উত্তৰসূৰী ১০জন শিখ গুৰুৰ (পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব এওঁলোকৰ মাজৰ দশমজন হিচাপে বিবেচিত হয়) ধৰ্মোপদেশ। শিখ ধৰ্ম বিশ্বৰ পঞ্চম বৃহত্তম ধৰ্মীয় গোষ্ঠী।[3] শিখ ধৰ্মমত আৰু দৰ্শন 'গুৰমত' (অৰ্থাৎ 'গুৰুৰ উপদেশ') নামেৰেও পৰিচিত। 'শিখ ধৰ্ম' কথাটিৰ উৎস নিহিত আছে'শিখ' শব্দটোৰ মাজত; যিটো সংস্কৃত মূলশব্দ 'শিষ্য' বা 'শিক্ষা' পৰা আহিছে।[4][5]
|
---|
শিখ গুৰু |
নানক দেৱ • অঙ্গদ দেৱ • অমৰ দাস • ৰাম দাস • অৰ্জন দেৱ • হৰ গোবিন্দ • হৰ ৰাই • হৰ কিষান • টেগ বাহাদুৰ • গোবিন্দ সিংহ • গ্ৰন্থ চাহিব • |
দৰ্শন |
বিশ্বাস আৰু নীতিসমূহ • অন্তৰ্নিহিত মূল্যবোধ • নিষেধসমূহ • কাৰ্যপদ্ধতি |
প্ৰথাসমূহ |
অৰ্দাচ • অমৃত সংস্কাৰ • চৰদি কলা •
দশৱন্ত • পঞ্চ ক • কিৰত কৰো • |
ধৰ্ম গ্ৰন্থ |
গুৰু গ্ৰন্থ চাহিব • আদি গ্ৰন্থ •
দশম গ্ৰন্থ • সৰ্বলোহ গ্ৰন্থ • বাণী • চৌপাই • জাপ চাহিব • জপজি চাহিব • মূল মন্তৰ • ৰেহৰাচ • সুখমনি • তব-প্ৰসাদ চবইয়ে |
সাধাৰণ বিষয়বস্তু |
ইতিহাস • এক ওঙ্কাৰ • গুৰুদ্বাৰ •
হৰমন্দিৰ চাহিব • খালসা • খণ্ড •
সাহিত্য • সংগীত • নাম • স্থান •
সৎগুৰু • শিখ • ৱাহেগুৰু • দস্তৰ |
শিখ ধৰ্মৰ প্ৰধান বক্তৱ্য হ’ল 'ৱাহেগুৰু' অৰ্থাৎ সৰ্বব্যাপী ঈশ্বৰৰ প্ৰতীক 'এক ওঙ্কাৰ'-ৰ প্ৰতিভূ 'ৱাহেগুৰু'-ত বিশ্বাসী। এই ধৰ্ম ঈশ্বৰৰ নাম আৰু বাণীৰ নিয়মবদ্ধ আৰু ব্যক্তিগত ধ্যানৰ মাধ্যমত মোক্ষলাভৰ কথা কয়। শিখ ধৰ্মৰ এটা বিশিষ্টতা হ’ল এই যে, এই ধৰ্মত ঈশ্বৰৰ অৱতাৰতত্ত্ব স্বীকৃত নহয়। বৰ শিখসকলৰ মতে ঈশ্বৰেই এই ব্ৰহ্মাণ্ডৰ স্বৰূপ। শিখসকলে ১০জন শিখ গুৰুৰ উপদেশ আৰু 'গুৰু গ্ৰন্থ চাহিব' নামক পবিত্ৰ ধৰ্ম গ্ৰন্থৰ অনুশাসন মানি চলে। উক্ত ধৰ্ম গ্ৰন্থত ১০জন শিখ গুৰুৰ ৬ জনৰ বাণী আৰু নানান আৰ্থ-সামাজিক আৰু ধৰ্মীয় ব্যক্তিত্বসকলৰ বক্তব্য লিপিবদ্ধ আছে। গুৰু গোবিন্দ সিং এই গ্ৰন্থটিকে দশম গুৰু বা খালচা পন্থৰ সৰ্বশেষ গুৰু হিচাপে ঘোষণা কৰি গৈছে। পঞ্জাবৰ ইতিহাস, সমাজ আৰু সংস্কৃতিৰ লগত শিখ ধৰ্মৰ ঐতিহ্য আৰু শিক্ষা ওতপ্ৰোতভাৱে জড়িত হৈ আছে। পৃথিৱীত শিখসকলৰ সংখ্যা ৩০ মিলিয়নৰ ওচৰা ওচৰি। শিখসকল মূলত পঞ্জাব আৰু ভাৰতৰ অনান্য ৰাজ্যত বাস কৰে। আধুনিক পাকিস্তানৰ পঞ্জাব প্ৰদেশতো দেশ বিভাজনৰ আগেয়ে লক্ষাধিক শিখলোকে বসবাস কৰিছিল।[6]