![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/de/Sikh_Gurus_with_Bhai_Bala_and_Bhai_Mardana.jpg/640px-Sikh_Gurus_with_Bhai_Bala_and_Bhai_Mardana.jpg&w=640&q=50)
গুৰু নানক
From Wikipedia, the free encyclopedia
গুৰু নানক (১৪৬৯ – ১৫৩৯) শিখ ধৰ্মৰ জনক তথা দহজন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।[1]
গুৰু নানক | |
---|---|
![]() ভাই বালা, ভাই মৰ্দনা তথা অন্যান্য শিখ গুৰু সকলৰ লগত গুৰু নানক | |
স্থানীয় নাম | ਗੁਰੂ ਨਾਨਕ |
জন্ম | নানক ১৫ এপ্ৰিল, ১৪৬৯ ৰাই ভই কি তালভান্দি, (বৰ্তমান নানকানা চাহিব, পঞ্জাব, পাকিস্তান) |
মৃত্যু | ২২ ছেপ্টেম্বৰ, ১৫৩৯ কাৰতাৰপুৰ, মুগোল সাম্ৰাজ্য (বৰ্তমান পাকিস্তান) |
সমাধিস্থল | গুৰুদ্বাৰা দৰবাৰ চাহিব কাৰতাৰপুৰ, পাকিস্তান |
জনা যায় | শিখ ধৰ্মৰ জনক |
উত্তৰসূৰী | গুৰু অংগদ |
ধৰ্ম | শিখ ধৰ্ম (জন্মসূত্ৰে হিন্দু ধৰ্ম) |
দাম্পত্যসঙ্গী | মাতা সুলক্ষণী |
পিতৃ-মাতৃ | মেহতা কালু আৰু মাতা তৃপ্তা |
গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়।[2] তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰবাদৰ বাণী সমূহ জনসমাজত বিলাই দিছিল। এজন ঈশ্বৰ আৰু তেওঁ সকলো আদি আৰু অন্তৰ মূল, এই পৰম সত্যয়ে আছিল গুৰু নানকৰ শিকনী সমূহৰ মূল আধাৰ।[3] তেওঁ সমতা, ভাতৃত্বসুলভ প্ৰেম, সামূহিক কল্যাণ আৰু পুণ্যৰ ওপৰত ভিত্তি কৰি একপ্ৰকাৰ বিশেষ পৱিত্ৰ, সামাজিক আৰু ৰাজনৈতিক মঞ্চ স্থাপন কৰিছিল।[4][5][6]
গুৰু নানকৰ বাণী সমূহ ৯৭৪টা ঘোষাৰে সমৃদ্ধ গুৰু গ্ৰন্থ চাহিবত কেন্দ্ৰীভূত হৈ আছে। ই শিখ ধৰ্মৰ পৱিত্ৰতম গ্ৰন্থ। শিখ বিশ্বাস মতে গুৰু নানকৰ পৱিত্ৰতা, দৈৱিক শক্তি আৰু ধৰ্মীয় অধিকাৰ তেওঁৰ পিছত আন নজন শিখ গুৰুলৈ গুৰুৰ অধিকাৰ পোৱাৰ পিছত স্থানান্তৰ হয়।[7]