উদ্ভিদৰ প্ৰজাতি From Wikipedia, the free encyclopedia
শাল (ইংৰাজী: śāl, sakhua or shala tree, বৈজ্ঞানিক নাম:Shorea robusta) হৈছে ডিপ্টেৰুকাৰ্পাছিয়া গোত্ৰৰ অন্তৰ্গত এবিধ পৰ্ণপাতী উদ্ভিদ।[1] ই এবিধ পাতল, টান কাঠৰ গছ। শাল গছৰ অন্যনাম অশ্বকৰ্ণ। ইয়াক সাধাৰণতে হাবি বা অৰণ্যত পোৱা যায়। ঘৰুৱা ভাৱেও শাল গছৰ বাগান পাতিব পাৰি।
শাল | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Malvales |
পৰিয়াল: | Dipterocarpaceae |
গণ: | Shorea |
প্ৰজাতি: | S. robusta |
বৈজ্ঞানিক নাম | |
Shorea robusta ৰথ |
শাল এবিধ দ্বি-বীজপত্ৰি উদ্ভিদ। ই গুচ্ছমূল জাতীয়। শালৰ পাত জাল শিৰাবিন্যাস যুক্ত। শালৰ বৃদ্ধি লেহেমীয়াৰ পৰা মধ্যমীয়া। এই গছ ২০-৫০ মিটাৰ পৰ্যন্ত ওখ হয়।[2] ফাগুন মাহত এই গছৰ পাত সৰি যায়। বসন্ত ঋতুৰ সময়ত শাল গছৰ ফুল ফুলে। শাল কাঠ অত্যন্ত কঠিন, সেয়ে ই এবিধ মূল্যবান কাঠ। ইয়াক সহজে পোকে নষ্ট কৰিব নোৱাৰে।
আদ্ৰ তথা ভিজা গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ নিম্ন এলেকাত যি সমূহৰ উচ্চতা ২০০০ মিটাৰৰ ভিতৰত থাকে, য'ত তাপমাত্ৰা ২৮-৩৪° চেলচিয়াছ তেনে অঞ্চলত শাল গছৰ সৰ্বাধিক বৃদ্ধি লক্ষ কৰা যায়। অৱশ্যে এই উদ্ভিদ বিধে ৭-৪৭° লৈ উষ্ণতা সহ্য কৰিব পাৰে। ১৫০০-৩৫০০ মিমি গড় বাৰ্ষিক বৃষ্টিপাত শাল গছৰ বাবে উপযুক্ত যদিও ১০০০-৭৩০০০ মিমি বৃষ্টিপাতলৈ সহ্যৰ ভিতৰত। উৰ্বৰ, বালি অহিয়া মাটি উপযুক্ত, য'ত Phৰ মাত্ৰা ৫-৬.৭। সমতল, মালভূমি তথা পাহাৰীয়া এলেকাতো শাল গছ পোৱা যায়।[3]
শাল গছ প্ৰথম দক্ষিণ এছিয়াৰ দেশসমূহত প্ৰত্যক্ষ কৰা হয়। ভাৰত, বাংলাদেশ, নেপালকে আদি কৰি,থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইন, তথা ম্যানমাৰত শাল গাছ পোৱা যায়। ভাৰতত, এই গছবিধ অসম, পশ্চিম বংগ, উৰিষ্যা, আৰু ঝাড়খণ্ডৰ পশ্চিমৰ পৰা যমুনাৰ পূব দিশে হাৰিয়ানাৰ শিবালিক পাহাৰ পৰ্যন্ত বিস্তৃত। ইয়াৰ পৰিধি পূবৰ ঘাট সমূহকে আদি কৰি পূব বিন্ধ্য আৰু সাতপুৰা ৰেঞ্জ পৰ্যন্ত প্ৰসাৰিত।[4]বনৰ মাজত ই এবিধ অত্যন্ত প্ৰভাৱশালী গছ। নেপালত, এই গছ বিধ তৰাই অঞ্চলৰ পূবৰ পৰা পশ্চিমলৈ পোৱা যায়। , শাল গছ মধ্য প্ৰদেশ, উৰিষ্যা আৰু এবং ঝাড়খণ্ড সহ উত্তৰ ভাৰতত শখোৱা নামে পৰিচিত।[5][6] শাল, ছত্তিছগড় আৰু ঝাড়খণ্ডৰ ৰাজ্যিক গছ[7]।
হিন্দু সংস্কৃতিত শাল গছ ভগবান বিষ্ণুৰ বৰদান বুলি বিশ্বাস কৰা হয়।[8] শাল শব্দটো সংস্কৃতৰ পৰা অহা, যাৰ অৰ্থ হৈছে বাসস্থান। এই অৰ্থই নিৰ্দেশ কৰে যে, শাল হৈছেগৃহ নিৰ্মাণৰ কাঠ।
বঙালী সমাজৰ কোনো কোনো লোকে স্বৰ্ণ বুঢ়ী বুলি এগৰাকী দেৱীক অৰ্চনা কৰে। এই গৰাকী দেৱী পবিত্ৰ শাল গছৰ সৈতে জড়িত।[9]
শাল এবিধ বহুল ব্যৱহাৰ যোগ্য গছ। ই ভাৰতৰ অন্যতম প্ৰধান বাণিজ্যিক কাঠ যাক স্থানীয় ব্যৱহাৰ তথা ৰপ্তানিৰ বাবে বনৰ পৰা সংগ্ৰহ কৰা হয়। শাল গছৰ পৰা এবিধ আঠা পোৱা যায়, ইয়াক 'ভাৰতীয় দাম্মাৰ' বুলি কোৱা হয়।[10] ই গছৰ প্যাথ'লজিকেল অৱস্থাৰ ফলস্বৰূপে গঠিত হয়। দক্ষিণ এছিয়াৰ প্ৰায়সংখ্যক গছৰ পৰা পোৱা দাম্মাৰ এবিধ কঠিন ৰেজিন। পৰম্পৰাগত ভাৱে ইয়াক নৌকা,জাহাজ, পাত্ৰ আদি বনোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।[10] ইয়াক আঠা হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও ঔষধ,[11] খাদ্য আদিৰ বাবেও ব্যৱহাৰ কৰা দেখা যায়। জুই জ্বলাবলৈ ইন্ধন হিচাপেও ইয়াৰ ব্যৱহাৰ হয়। ইয়াৰ যথেষ্ট বাণিজ্যিক উপযোগিতা আছে। বাণিজ্যিক ভাৱে ইয়াক চিয়াঁহী, অইল পেইণ্ট, বাৰ্নিছ প্ৰস্তুত কৰণ আৰু খাদ্য সামগ্ৰী উজ্জ্বলকৰণ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। শাল গছৰ পৰা এক বিশেষ তেল প্ৰস্তুত কৰা হয়, এই তেল বহুল পৰিমাণে ৰপ্তানি কৰা হয়। ইয়াৰোপৰি শাল গছৰ বীজ খাবৰ উপযুক্ত। ইয়াত ১০.৮% পানী, ৮% প্ৰটিন, ৬২.৭% শৰ্কৰা, ১৪.৮% স্নেহ পদাৰ্থ, ১.৪% আহ আছে। ইয়াৰ পাতৰ পৰা পাত্ৰ আদি প্ৰস্তুত কৰাৰ উপৰিও ঔষধ হিচাপেও এই গছৰ ব্যৱহাৰ হোৱা দেখা যায়। হাগনি, গনেৰিয়া, দাঁতৰ বিষৰ লগতে চালৰ বেমাৰৰ চিকিৎসাৰ বাবেও শাল গছ উপকাৰী।[12] কাঠ সমূহ বিভিন্ন ঘৰুৱা সামগ্ৰী আদি প্ৰস্তুত কৰাৰ উপযোগী। লগতে স্থানীয় ভাৱে জুই জ্বলাবলৈ ইয়াক ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.