ভাৰতৰ এখন ৰাজ্য From Wikipedia, the free encyclopedia
হাৰিয়ানা (হিন্দী: हरियाणा, পঞ্জাবী: ਹਰਿਆਣਾ) ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰে পঞ্জাব আৰু হিমাচল প্ৰদেশ আৰু পশ্চিমে আৰু দক্ষিণে ৰাজস্থান অৱস্থিত। পূবে যমুনা নদী, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। দিল্লী উত্তৰ, পশ্চিম আৰু দক্ষিণ – এই তিনি দিশৰ পৰা হাৰিয়ানাক আৱৰি আছে। এই কাৰণে হাৰিয়ানাৰ ৰাজ্যৰ বৃহৎ অংশ ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত। হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড় এখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পঞ্জাব ৰাজ্যৰো ৰাজধানী। সংস্কৃত ভাষাত হাৰিয়ানা শব্দৰ অৰ্থ “ঈশ্বৰৰ নিবাস“; এই শব্দটোৰ বুৎপত্তি সংস্কৃত “হৰি” (বিষ্ণুৰ আন এটা নাম) আৰু “অয়ন” (নিবাস) শব্দ দুটিৰ পৰা। আন এক মতবাদৰ মতে, সংস্কৃত “হৰিৎ” (সেউজীয়া) শব্দৰ পৰা এই নামৰ উৎপত্তি হৈছে; হাৰিয়ানা নাম এই ৰাজ্যৰ বৃহৎ হৰিৎ তৃণক্ষেত্ৰৰ পৰা আহিছে।[1]
হাৰিয়ানা
हरियाणा, ਹਰਿਆਣਾ | |
---|---|
ৰাষ্ট্ৰ | ভাৰত |
অঞ্চল | উত্তৰ |
প্ৰতিষ্ঠা | ১ নভেম্বৰ ১৯৬৬ |
ৰাজধানী | চণ্ডীগড় |
বৃহত্তম চহৰ | ফৰিদাবাদ |
বৃহত্তম জিলা | ভিওয়ানি |
জিলাৰ সংখ্যা | ২১ |
চৰকাৰ | |
• পৰিচালনা | হাৰিয়ানা বিধানসভা |
• ৰাজ্যপাল | কপ্তান সিং চলাংকী |
• মুখ্যমন্ত্ৰী | মনোহৰ লাল খট্টৰ (ভাৰতীয় জনতা পাৰ্টী ) |
• বিধানসভা | এককক্ষীয় (৯০ আসন) |
• লোকসভা আসন | ১০ |
• ৰাজ্যসভা আসন | ৫ |
কালি | |
44,212 km2 (17,070 sq mi) | |
• স্থান | ২০তম |
• বনাঞ্চল | 1,684 km2 (650 sq mi) |
• জলাভূমি | 3,550 km2 (1,370 sq mi) |
জনসংখ্যা (2011) | |
2,53,53,081 | |
• স্থান | ১৬তম |
• ঘনত্ব | 573/km2 (1,480/sq mi) |
• স্থান | ১১তম |
• নগৰ | 88,21,588 |
• গ্ৰাম্য | 1,65,31,493 |
সুদূৰ অতীতত বৰ্তমান হাৰিয়ানা ভূখণ্ড উত্তৰ ভাৰতৰ কুৰু ৰাজ্যৰ অন্তৰ্গত আছিল।[2][3][4] খ্ৰীষ্টীয় দ্বাদশ শতাব্দীত অপভ্ৰংশ লেখক বিবুধ শ্ৰীধৰৰ ৰচনাত হাৰিয়ানা নামৰ উল্লেখ পোৱা যায়।[5] প্ৰাচীন কালত এই ৰাজ্য অধুনালুপ্ত সৰস্বতী নদীৰ পাৰত বিকশিত সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতাৰ এটি অংশ আছিল। ভাৰতৰ ইতিহাসৰ অনেক দিশ নিৰ্ণায়ক যুদ্ধ এই অঞ্চলতে সংঘটিত হৈছে। ইয়াৰে ভিতৰত বিশেষভাবে উল্লেখনীয় মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰৰ কুৰুক্ষেত্ৰ যুদ্ধ আৰু পানিপথৰ তিনিখন যুদ্ধ। ব্ৰিটিছৰ আমোলত হাৰিয়ানা ব্ৰিটিছ পঞ্জাব প্ৰদেশৰ অন্তৰ্ভুক্ত আছিল। ১৯৬৬ চনত ভাষাৰ ভিত্তিত ভাৰতৰ সপ্তদশ ৰাজ্য হিচিপে হাৰিয়ানাৰ আবিৰ্ভাৱ ঘটে। বৰ্তমান এই ৰাজ্য দেশৰ অন্যতম প্ৰধান খাদ্যশস্য আৰু দুগ্ধ উৎপাদক ৰাজ্য। ১৯৬০ দশকৰ ভাৰতৰ সেউজ বিপ্লৱৰ মাধ্যমত খাদ্য শস্য উৎপাদনত স্বনিৰ্ভৰশীলতা অনাৰ প্ৰয়াসৰ ক্ষেত্ৰত হাৰিয়ানা ৰাজ্যেৰ নাম বিশেষ ভাবে উল্লেখযোগ্য।
হাৰিয়ানা ভাৰতৰ অন্যতম ধনী ৰাজ্য। এই ৰাজ্যৰ জনমুৰি আয় ৬৭,৮৯১ টকা;[6] যি ভাৰতৰ তৃতীয় সৰ্বাধিক। তদুপৰি দেশৰ সৰ্বাধিক সংখ্যক গ্ৰামবাসী কোটিপতি এই ৰাজ্যত বাস কৰে।[7] ১৯৭০ৰ দশকৰ পৰা এই ৰাজ্য কৃষি আৰু শিল্প বিশেষত উন্নতিসাধনৰ সূত্ৰপাত ঘটে। বৰ্তমান হাৰিয়ানা কেৱল ভাৰতেই নহয়, সমগ্ৰ দক্ষিণ এছিয়াৰ অন্যতম সম্পদশালী অঞ্চল হিচাপে পৰিগণিত হৈছে।[8] ভাৰতত যাত্ৰীবাহী গাড়ী, দ্বিচক্ৰযান আৰু ট্ৰেক্টৰৰ বৃহত্তম উৎপাদক হল হাৰিয়ানা।[9] ২০০০ চনৰ পৰা এই ৰাজ্যেৰ জনমুৰি বিনিয়োগ দেশৰ ভিতৰতে সৰ্বাধিক।[10] গুৰুগ্ৰাম চহৰ বৰ্তমানে তথ্য প্ৰযুক্তি আৰু অট'মোবাইল শিল্পকেন্দ্ৰ হিচাপে সুনাম অৰ্জন কৰিছে। ভাৰতৰ বৃহত্তম অট'মোবাইল উৎপাদক মাৰুতি উদ্যোগ আৰু বিশ্বৰ বৃহত্তম দ্বিচক্ৰযান উৎপাদক হিৰ' হণ্ডাৰ প্ৰধান কেন্দ্ৰ গুৰুগ্ৰামত অৱস্থিত। পাণিপথ, পঞ্চকুলা আৰু ফৰিদাবাদো ৰাজ্যৰ অন্যতম শিল্পকেন্দ্ৰ। পাণিপথ তেল শোধনাগাৰ দক্ষিণ এছিয়াৰ দ্বিতীয় বৃহত্তম শোধনাগাৰ। তদুপৰি এই ৰাজ্য পুৰণি কিছু ইস্পাত আৰু বস্ত্ৰশিল্প কেন্দ্ৰ বিদ্যমান।
হাৰিয়ানাৰ অধিবাসী প্ৰধান জাতিগোষ্ঠী হ'ল জাট।[11][12][13][14] হাৰিয়ানাৰ ৰাজনীতি জাট জাতিৰ দ্বাৰাই মূলত পৰিচালিত হয়।[15] এই ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দলসমূহ হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় লোক দল, হাৰিয়ানা জনহিত কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টী, বহুজন সমাজ পাৰ্টী। ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ ভিতৰত উল্লেখযোগ্য আহীৰ, পঞ্জাবী, গুজ্জৰ, আগৰৱাল, ৰোৰ, ব্ৰাহ্মণ, ৰাজপুত আৰু চাইনি।[14] হাৰিয়ানাৰ জনসংখ্যাৰ ৯০ শতাংশ হিন্দু, ৬.২ শতাংশ শিখ, ৪.০৫ শতাংশ মুছলমান আৰু ০.১ শতাংশ খ্ৰীষ্টান।[14]
Seamless Wikipedia browsing. On steroids.