From Wikipedia, the free encyclopedia
কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।[1] চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।[2] ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী (পণ্ডিছেৰী)ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ[3] হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰীমণ্ডল আদি আছে[4][5] যদিও সিহঁতৰ শক্তি সীমিত।
বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হৈছে ৮টা।[6] সেই কেইটা হ'ল-
Seamless Wikipedia browsing. On steroids.