উত্তৰ ভাৰতৰ এখন ৰাজ্য From Wikipedia, the free encyclopedia
হিমাচল প্ৰদেশ (হিন্দী: हिमाचल प्रदेश, পঞ্জাবী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)।[4] হিমাচল প্ৰদেশৰ উত্তৰ সীমাত জম্মু আৰু কাশ্মীৰ ৰাজ্য; পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত পঞ্জাব ৰাজ্য; দক্ষিণে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ৰাজ্য; দক্ষিণ-পূৱ দিশত উত্তৰাখণ্ড ৰাজ্য আৰু পূৱত তিব্বত অৱস্থিত। হিমাচল প্ৰদেশ শব্দটোৰ আক্ষৰিক অৰ্থ তুষাৰাবৃত পৰ্বতসংকুল অঞ্চল।[5]
Himachal Pradesh হিমাচল প্ৰদেশ | |
— ৰাজ্য — | |
স্থানাঙ্ক | 31°6′12″N 77°10′20″E |
দেশ | ভাৰত |
ৰাজ্য | Himachal Pradesh |
জিলা |
|
জিলাৰ সংখ্যা | ১২ |
প্ৰতিষ্ঠা | ২৫ জানুৱাৰী, ১৯৭১ |
ৰাজধানী | ছিমলা |
মহানগৰ | ছিমলা |
ৰাজ্যপাল | ঊৰ্মিলা সিংহ |
মুখ্যমন্ত্ৰী | প্ৰেম কুমাৰ ধুমাল[1] |
বিধানসভা (আসন) | এককক্ষীয়[2] (৬৮) |
উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি | জাষ্টিছ কুৰিয়ান জোছেফ[3] |
জনসংখ্যা • ঘনত্ব |
68,64,602 (21st) (2011[update]) • 109 /কিমি২ (282 /বৰ্গ মাইল) |
লিঙ্গ অনুপাত | ৯৭০ ♂/♀ |
স্বাক্ষৰতা • Male |
৭৭.১৩% • ৮৬.০৩% |
চৰকাৰী ভাষা | হিন্দী |
---|---|
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি | >55673 km2 (21495 sq mi) |
জলবায়ু • অধঃক্ষেপন |
• 1,469 mm (57.8 in) |
ISO 3166-2 | IN-HP |
প্ৰবেশদ্বাৰ: হিমাচল প্ৰদেশ | |
ৱেবছাইট | হিমাচল প্ৰদেশৰ চৰকাৰী ৱেবছাইট |
হিমাচল প্ৰদেশ ১২ খন জিলাত বিভক্ত আৰু চৰকাৰী ভাষা হিন্দী।
ভাৰতৰ বাকী অংশৰ লগতে ১৯৫১ চনত হিমাচল প্ৰদেশতো প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা কাৰ্যকৰী হোৱাৰ লগে লগে পৰিকল্পনা আৰম্ভ হয়। জিডিপি অনুযায়ী হিমাচল প্ৰদেশ ভাৰতৰ ২২ নং বৃহত্তম ৰাজ্যিক অৰ্থনীতি আৰু ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত ইয়াৰ জনমূৰি আয় ১৩তম স্থানত আছে।[6]
অৰ্থনীতি আৰু বৃদ্ধিৰ ক্ষেত্ৰত হিমাচল প্ৰদেশৰ পৰ্যটনৰ প্ৰধান অৰিহণা। হিমালয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰে। শিমলা, মানালী, ধৰ্মশালা, ডালহাউছি, চাম্বা, খজ্জিয়াৰ, কুল্লু আৰু কাছাউলীৰ দৰে পাহাৰীয়া ষ্টেচনসমূহ দেশী-বিদেশী উভয় পৰ্যটকৰ বাবে জনপ্ৰিয় স্থান।[7]
Seamless Wikipedia browsing. On steroids.