সমাজ বিজ্ঞানৰ এটা বিভাগ From Wikipedia, the free encyclopedia
অৰ্থনীতি (ইংৰাজী: Economics) হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ। সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্বম অভাৱ পূৰণ কৰাই হ’ল অৰ্থনীতিৰ মূল বিষয়।
অৰ্থনীতি শব্দটো ইংৰাজী 'Economics' শব্দৰ প্ৰতিশব্দ। প্ৰকৃততে 'Economics' শব্দটো গ্ৰীক শব্দ 'Oikos' অৰ্থাৎ পৰিয়াল আৰু 'Nomos' অৰ্থাৎ পৰিচালনা কৰা শব্দ দুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা 'Oekonomos'-অৰ পৰা উদ্ভুত যাৰ অৰ্থ ঘৰ এখন পৰিচালনা কৰা। অৰ্থাৎ সীমিত আয়ৰে ঘৰ এখন পৰিচালিত কৰা ধাৰণাটোৰ পৰাই 'অৰ্থনীতি' বা অৰ্থবিজ্ঞানৰ উৎপত্তি।[1]
অৰ্থনীতিৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিয়া টান। ভিন্ন অৰ্থবিজ্ঞানিয়ে নিজস্ব দৃষ্টিভঙ্গীৰে নিজস্ব সংজ্ঞা আগবঢ়াইছে। এই সমূহৰ ভিতৰত আডাম স্মিথ (Adam Smith), আলফ্ৰেড মাৰ্ছাল (Alfred Marshall), লিঅ'নেল ৰবিনছ (Lionel Robbins), পল ছেমুৱেলছন (Paul Samuelson) আদিয়ে আগবঢ়োৱা সংজ্ঞা উল্লেখযোগ্য।
অৰ্থনৈতিক তত্ত্ব বা সমস্যাবিলাক সাধাৰণতে দুটা পদ্ধতিৰে আলোচনা কৰিব পাৰি। সেয়া হ’ল-
ইংৰাজী Micro শব্দৰ অৰ্থ অতি ক্ষুদ্ৰ বা ক্ষুদ্ৰগোট। গতিকে ব্যষ্টিবাদী অৰ্থনীতি বুলিলে কোনোদেশৰ জাতীয় অৰ্থনীতিৰ এক অতি ক্ষুদ্ৰ অংশৰ অধ্যয়নক বুজায়। অৰ্থাৎ, ব্যষ্টিবাদী অৰ্থনীতিত কোনো নিদিৰ্ষ্ট ব্যক্তিয়ে কেনেকৈ সৰ্বাধিক লাভ উপাৰ্জন কৰিলে, কোনো নিৰ্দিষ্ট ব্যৱসায় প্ৰতিষ্ঠানে কেনেকৈ সৰ্বাধিক লাভ অৰ্জন কৰিলে, কোনো নিৰ্দিষ্ট পৰিয়ালে কেনেকৈ আয় আৰু ব্যয়ৰ সমতা স্থাপন কৰিলে, ইত্যাদি ব্যষ্টিবাদী অৰ্থনীতিৰ আলোচ্য বিষয়। ই এক নিৰ্দিষ্ট গোটৰহে অধ্যয়ন, সমস্ত জাতীয় অৰ্থনীতিৰ নহয়। ব্যষ্টিবাদী অৰ্থনীতিত সমস্ত জাতীয় অৰ্থনীতিক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত ভাগ কৰি, প্ৰতিটো ভাগ বিজ্ঞানসন্মতভাৱে, সূক্ষ্ম বিশ্লেষণ কৰা হয়।
সাধাৰণতে যি ঠাইত বস্তু বেচা-কিনা কৰে সেই ঠাইখনকেই বজাৰ বোলে। কিন্তু অৰ্থনীতিত বজাৰ বুলিলে কোনো ঠাইক নুবুজায়। অৰ্থনীতিত 'বজাৰ' মানে এক আৰ্থিক অনুষ্ঠান, যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক্ৰেতা আৰু বিক্ৰেতাক পৰস্পৰৰ সংস্পৰ্শলৈ আনি ক্ৰয়-বিক্ৰয় সম্ভৱ কৰি তোলে। Stonier আৰু Hagueৰ মতে, বজাৰৰ আটাইতকৈ দৰকাৰী বৈশিষ্ট্য হ'ল সকলো ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এটা সম্পৰ্ক স্থাপন হ’ব লাগিব যাতে তেওঁলোকৰ মাজত যোগাযোগ স্থাপন হ'ব পাৰে।[6] "সম্ভাব্য ক্ৰেতা আৰু বিক্ৰেতাক ওচৰ চপাই অনা কাৰ্যত বিশেষীকৰণ অৰ্জন কৰা ব্যক্তি এজন নিজেই বজাৰ হৈ পৰাটো লাভজনক হ’ব পাৰে। বাতৰি কাকত এখনৰ কেৱল বিজ্ঞাপনৰ শিতানটোও এখন বজাৰ হ’ব পাৰে। "[7]
অৰ্থনীতিত বজাৰ সদায় বস্তুৰ নাম অনুসৰিহে হয়, ঠাইৰ নাম অনুসৰি নহয়। উদাহৰণ স্বৰূপে : চাহৰ বজাৰ, সোণৰ বজাৰ, শ্ৰমৰ বজাৰ, অংশপত্ৰৰ বজাৰ ইত্যাদি। আলোচনাৰ সুবিধাৰ বাবে বজাৰক কেবাটাও ভাগত ভগোৱা হয়। তলত কিছু আলোচনা কৰা হ’ল-
প্ৰতিযোগিতাৰ ভিত্তিত বজাৰক তলত দিয়া ধৰণেৰে ভাগ কৰা হয়।
অৰ্থবিজ্ঞানত উৎপাদন বুলি ক’লে কোনো বস্তু বা সামগ্ৰীৰ সৃষ্টি কৰাটো নুবুজায়। অৰ্থবিজ্ঞানত উৎপাদন মানে কোনো বস্তু বা দ্ৰব্যৰ উপযোগিতা বৃদ্ধি কৰাটোহে বুজায়। প্ৰকৃতি প্ৰদত্ত সম্পদসমূহক অৰ্থনৈতিক কাৰ্যৰ জৰিয়তে উপযোগিতা প্ৰদান কৰাটোৱেই হ’ল উৎপাদন। উপযোগিতা বৃদ্ধি চাৰি প্ৰকাৰে কৰিব পাৰি। কোনো বস্তুৰ আকৃতি, প্ৰকৃতি, স্থান আৰু সময়ৰ পৰিৱৰ্তন ঘটাই উপযোগিতাৰ বৃদ্ধি ঘটোৱা হয়।
এটা বস্তু উৎপাদন কৰিবলৈ বা আন ধৰণে কলে বস্তু এটাৰ উপযোগিতা বৃদ্ধি কৰিবলৈ চাৰিবিধ উপাদানৰ প্ৰয়োজন হয়। সেইসমূহ হৈছে:
এইবোৰক অৰ্থবিজ্ঞানতউৎপাদনৰ উপাদান বোলা হয়। এই উপাদান বোৰৰ বাবেই উৎপাদন কৰোঁতে খৰচ বা ব্যয় হয়। এই ব্যয়ক উৎপাদন ব্যয় বোলা হয়।
উৎপাদনৰ উপাদানসমূহ ব্যৱহাৰ কৰি উৎপাদন কাৰ্য সংঘটিত কৰা হয়। এই উপাদানসমূহ বিনামূল্যে পোৱা নাযায়। কাৰণ এইবোৰ মুক্ত সামগ্ৰী নহয়। এইবোৰ আৰ্থিক সামগ্ৰীহে। সেইবাবে উৎপাদনকাৰীয়ে উপাদানবোৰ সংগ্ৰহ কৰোঁতে ব্যয় বহন কৰিব লগা হয়। এই ব্যয়কে উৎপাদন ব্যয় বোলে। উৎপাদন ব্যয়ক প্ৰধানকৈ তিনি ভাগত ভগোৱা হয়:
এই দুয়োবিধ ব্যয় লগ লগালে মুঠ উৎপাদন ব্যয় পোৱা যায়। ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ সংগ্ৰহ কৰিবৰ বাবে যি ব্যয় হয়, তাক অনিহিত ব্যয় বোলে। আনহাতে কেতিয়াবা উৎপাদনকাৰীয়ে উপাদানসমূহ নিজাববীয়াকৈ নিজেই যোগান ধৰে। উৎপাদনকাৰীয়ে নিজে যোগান ধৰা উপাদানৰ যি মূল্য হ'ব সেইটোকেই অৰ্থবিজ্ঞানত প্ৰচ্ছন্ন ব্যয় বোলে।
বিশেষীকৰণে কোনো এটা বিশেষ সীমাবন্ধক্ষেত্ৰত কৰ্মপ্ৰচেষ্টা আবদ্ধ ৰখা কাৰ্যকেই বুজায়। বিশেযীকৰণ কেৱল ব্যক্তিভিত্তিক নহৈ স্থানভিত্তিকো হ’ব পাৰে। ব্যক্তি ভিত্তিক বিশেষীকৰণক অৰ্থবিজ্ঞানত শ্ৰম বিভাজন আৰু স্থানভিত্তিক বিশেষীকৰণক আঞ্চলিক বিশেষীকৰণ বা স্থানীয়কৰণ বোলা হয়।
কোনো বস্তু বা সেৱা কাৰ্য পাবৰ বাবে কৰা আৰ্থিক সামৰ্থৰে পৰিপুষ্ট হাবিয়াসকে অৰ্থবিজ্ঞানত চাহিদা বোলে। আৰ্থাৎ মানুহে বা ভোক্তাই চাহিদা কৰাৰ অৰ্থ হ'ল কোনো বস্তু পাবলৈ তেওঁৰ ইচ্ছা থকাৰ লগতে বস্তুটোৰ বিনিময়ত মূল্য দিব পৰাৰ ক্ষমতাও আছে। আনহাতে যোগান শব্দৰ অৰ্থ হৈছে, এক নিদিষ্ট দামত উৎপাদনকাৰীয়ে যি পৰিমাণৰ সামগ্ৰী বিক্ৰিৰ বাবে প্ৰস্তুত হয়, তাকে যোগান বোলে।
যদিও সাধাৰণতে 'অৰ্থনৈতিক বৃদ্ধি' আৰু 'অৰ্থনৈতিক বিকাশ' একেই অৰ্থত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু এই দুই ধাৰণাৰ মাজত কিছুমান মৌলিক পাৰ্থক্য আছে। কিছুমান অৰ্থনীতিবিদ যেনে Schumpeter আৰু Ursula Hicksৰ অনুসৰি অৰ্থনৈতিক বিকাশৰ সমস্যাটো হৈছে অনুন্নত দেশ সমূহৰ লগত জড়িত আৰু অৰ্থনৈতিক সমৃদ্ধিটো উন্নত দেশ সমূহৰ ক্ষেত্ৰত সম্পৰ্কিত। Human Development Report হিচাপে প্ৰকাশিত হোৱা ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনি অনুযায়ী, 'অৰ্থনৈতিক সমৃদ্ধি (Economic growth) হৈছে 'মানব সম্পদ বিকাশ' (Human development) অৰ্জনৰ মাধ্যম আৰু সেই বাবে সমৃদ্ধিৰ উদ্দেশ্যয়েই হৈছে মানৱজীৱনৰ মান উন্নত কৰা।[8]
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
অধ্যয়নৰ সুবিধাৰ বাবে অৰ্থনীতি বা অৰ্থবিজ্ঞানক সাধাৰণতে পাঁচটা ভাগত ভগোৱা হয়:
অৰ্থবিজ্ঞানৰ এনে বিভাজনে বিষয়টো অধ্যয়ন সহজ কৰি তোলে। কিন্তু এনেধৰণৰ ভাগ মাত্ৰ আলোচনাৰ সুবিধাৰ বাবেহে কৰা হয়। এই ভাগ এশ শতাংশ স্থিৰ নহয়। প্ৰকৃততে আতাইকেইটা বিভাগ পৰস্পৰে পৰস্পৰৰ লগত সম্পৰ্ক থকা।
ব্যষ্টিবাদী অৰ্থনীতিৰ উন্নয়নৰ বাবে বৰ্তমান 'আচৰণ ভিত্তক অৰ্থনীতি' আৰু 'পৰীক্ষামুলক অৰ্থনীতি' নামে দুটা শাখা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও সমাজ বিজ্ঞানৰ অন্যন্য শাখা সমূহকো অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে, অৰ্থনৈতিক ভূগোল, অৰ্থনৈতিক ইতিহাস, সাধাৰণ পচন্দ, সাংস্কৃতিক অৰ্থনীতি আৰু প্ৰতিষ্ঠানিক অৰ্থনীতি। অৰ্থনীতিক নিতিবাচক আৰু আচৰণবাচক এই দুই ভাগটো ভগোৱা হয়। নিতিবাচক অৰ্থনীতিয়ে অৰ্থনৈতিক আচৰণ ব্যাখ্যা কৰে আৰু নীতিবাচক বাচক অৰ্থনীতিয়ে পচন্দ আৰু মূল্য নিৰ্ধাৰণ আদি বিষয়ক প্ৰাধান্য দিয়ে। 'Journal of Economic Literature' ত প্ৰকাশিত 'JEL classification codes' প্ৰবন্ধত অৰ্থনীতিৰ শ্ৰেণীবিভাগ আৰু প্ৰবন্ধ ভিত্তিক অনুসন্ধান সম্পৰ্কে আলোচনা কৰা হৈছে আৰু 'The New Palgrave: A Dictionary of Economics' গ্ৰন্থত অৰ্থনীতিৰ বিভিন্ন শ্ৰেণীবিভাগ আৰু উপশ্ৰেণীবিভাগ যে বিদ্যমান সেই কথা উল্লেখ কৰা হৈছে।
পুঁজিবাদ হৈছে এনে এটা অৰ্থনৈতিক ব্যৱস্থা যি সামন্তবাদৰ পতন হোৱাৰ পিছৰ পৰাই পশ্চিমীয়া বিশ্বত যথেষ্ট গুৰুত্ব লাভ কৰিছে। এই ব্যৱস্থাত উৎপাদনৰ উপাদানসমূহ ব্যক্তিগত বা বেচৰকাৰী মালিকীস্বত্বৰ অধীনত থাকে। কাৰ্ল মাৰ্ক্সৰ মতে, "Capitalism is an economic system where the means of production are privately owned."ধনতন্ত্ৰ বা পুঁজিবাদ শব্দটো বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰে। মূলত, যি অৰ্থব্যৱস্থাত উৎপাদনৰ উপাদানসমূহ (Means of Production) ব্যক্তিগত মালিকিস্বত্বৰ অধিনত থাকে তাকে পুঁজিবাদ বা পুঁজিবাদী অৰ্থব্যৱস্থা বোলে। কাৰ্লমাৰ্ক্সৰ মতে, "Capitalism is an economic system where the means of production are privately owned."পুঁজিবাদে মুক্ত বজাৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰে। ই এক পৰম্পৰাগত অৰ্থনৈতিক মডেল। ১৮ শতিকাৰ অৰ্থনীতিবিদ সকলে পুৰ্বৰ সামন্তবাদীয় আৰু বাণিজ্যবাদীয় অৰ্থনীতিৰ পৰিৱৰ্তে মুক্ত পুঁজিবাদী তত্ত্বৰ বিকাশ কৰিছিল। ইয়াৰ মুল পৃষ্ঠপোষক আছিল 'আডাম স্মিথ' (Adam Smith)। তেওঁৰ মতে উৎকৃষ্ট সামাজিক লাভৰ বাবে সকলো ব্যক্তিকে মুক্তভাৱে নিজৰ কৰ্ম কৰিবলৈ দিব লাগে। সেই সময়ৰ অৰ্থনীতিবিদসকলৰ মতে চৰকাৰে অৰ্থনৈতিক জগতৰ কামকাজত নিজৰ ভূমিকা সীমাবদ্ধ কৰি ৰাখিব লাগে। তেওঁলোকৰ মতে যিকোনো চৰকাৰী হস্তক্ষেপে মুক্ত বজাৰ ব্যৱস্থা সফল হোৱাত বাধা দিয়ে।
১৮শতিকাৰ দ্বিতীয় দশকত পুঁজিবাদৰ জন্ম। বৰ্তমান ইয়াৰ বহুতো পৰিৱৰ্তন ঘটিছে। প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিৰ সময়লৈকে 'পুঁজিবাদ' আছিল চৰকাৰী নিয়ন্ত্ৰণৰ পৰা সম্পূৰ্ণ মুক্ত। বজাৰ সম্পৰ্কে সকলো সিদ্ধান্ত পুঁজিপতি সকলে লৈছিল। চৰকাৰে তেওঁলোকৰ কামত হস্তক্ষেপ কৰা নাছিল। ইয়াক কোৱা হৈছিল "Leissez Fair। " অৰ্থাৎ তেওঁলোকক অকলে থাকিবলৈ দিয়া (Let them alone)। ১৯২৯-৩৩ চনৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দ্বিতীয় মহাযুদ্ধ (১৯৩৯-৪৫চন) ৰ পিছত পুঁজিবাদৰ বহু পৰিৱৰ্তন ঘটে। বৰ্তমান পুঁজিবাদ মুক্তপুঁজিবাদ নহৈ নিয়ন্ত্ৰীত পুঁজিবাদ'। ইয়াক কল্যাণকামী পুঁজিবাদো বোলে।
পুঁজিবাদৰ কেবাটাও বৈশিষ্ট্য আছে।
সমাজবাদী অৰ্থব্যৱস্থা বা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আতাইবোৰ গুৰুত্বপুৰ্ণ কামকাজ পৰিচালনা কৰে। অৰ্থাৎ এই ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ সম্পূৰ্ণ বিপৰীত। কাৰ্লমাৰ্ক্সে সমাজবাদৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে। মাৰ্ক্সৰ ১৮৬৭চনত প্ৰকাশিত গ্ৰন্থ DAS CAPITALয়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।[9]
উৎপাদন, বিতৰণ আদি কাৰ্য্যৰ ক্ষেত্ৰত ব্যক্তিক পূৰ্ণস্বাধীনতা প্ৰদান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূৰ্ণ অৱলুপ্তিকৰণ কোনোটোৱেই গ্ৰহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বীতিয় মহাযুদ্ধৰ পৰৱৰ্তী কালত এক নতুন চিন্তাধাৰাৰ উদ্ৰেক হ’ল আৰু তাৰ ফলস্বৰূপে 'মিশ্ৰ অৰ্থনীতি' নামৰ এক ধাৰণাৰ জন্ম হ’ল। 'মিশ্ৰ অৰ্থনীতি'ত 'ৰাজহুৱা খণ্ড' আৰু'ব্যক্তিগত খণ্ড' দুয়োটা খণ্ডই একেলগে কাম কৰে। মিশ্ৰ অৰ্থনীতিত কিছুমান গুৰুত্বপুৰ্ণ শিল্প বা প্ৰতিষ্ঠান চৰকাৰে নিয়ন্ত্ৰণ কৰে আৰু তুলনামুলকভাৱে কম গুৰুত্বপুৰ্ণ কামকাজবোৰ ব্যক্তিয়ে পৰিচালনা কৰে। অৰ্থাৎ 'মিশ্ৰ অৰ্থনীতি'ত অৰ্থনৈতিক কাম-কাজবোৰ চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডতে সম্পাদিত হয়।
ভাৰতৰ অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহৎ অৰ্থনীতি।
Seamless Wikipedia browsing. On steroids.