লাডাখ
ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল / From Wikipedia, the free encyclopedia
লাডাখ উত্তৰ ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰ পৰা দক্ষিণত হিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।[4][5] লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।
ক্ষিপ্ৰ তথ্য লাডাখ, দেশ ...
লাডাখ | |
---|---|
— প্ৰশাসনিক অঞ্চল প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত অঞ্চল — |
|
Viewofleh.jpgলেহ চহৰৰ দৃশ্য | |
ভাৰতত লাডাখৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | |
অঞ্চল | ৮ ফেব্ৰুৱাৰী ২০১৯ |
কেন্দ্ৰীয় শাসিত অঞ্চল | ৩১ অক্টোবৰ ২০১৯ (প্ৰস্তাবিত)[1] |
সদৰ | লেহ[2] |
জিলা | কাৰ্গিল জিলা, লেহ জিলা |
মাটিকালি[3][lower-alpha 1] | |
- মুঠ | ৫৯,১৪৬ কি.মি.২ (২২,৮৩৬.৪ বৰ্গ মাইল) |
অধিকতম উচ্চতা | ৭,৭৪২ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট) |
নিম্নতম উচ্চতা | ২,৫৫০ মিটাৰ (৮,৩৬৬.১৪ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,৭৪,২৮৯ জন |
- জনঘনত্ব | ৪.৬ প্ৰতি বৰ্গ কি.মি. (১২ প্ৰতি বৰ্গ মাইল) |
বিশেষণ | লাডাখী |
ভাষা | |
- আধিকাৰীক | তিব্বতীয় ভাষা, বাল্টি ভাষা, উৰ্দু ভাষা, হিন্দী ভাষা |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+৫:৩০) |
যানবাহনৰ নম্বৰ | লেহ: JK10; কাৰ্গিল: JK07 |
মুখ্য চহৰ | লেহ, কাৰ্গিল |
ৱেবছাইট | jkladakhaffairs |
বন্ধ কৰক
ঐতিহাসিকভাৱে লাডাখে বালতিস্তান (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ পাকিস্তানত আছে), উজনি সিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে তিব্বত, দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে চীনৰ চিঞ্জিয়াং আছে।