লখিমপুৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
লখিমপুৰ (পূৰ্বৰ নাম লক্ষীমপুৰ) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ চাৰিসীমা আছিল: পূবে ব্ৰহ্মপুত্ৰ নদী, পশ্চিমে হাৱাজান নৈ, উত্তৰে নেফা আৰু দক্ষিণে লোহিত সুঁতি। [1] ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে এই জিলাখনক লক্ষীমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। পৰৱৰ্তী কালত লক্ষীমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আতঁৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয়। বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা। জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। মহকুমা ৩টা- উত্তৰ লখিমপুৰ নাৰায়ণপুৰ আৰু ঢকুৱাখনা।
লখিমপুৰ জিলা | |
---|---|
— জিলা — | |
অসমত জিলাখনৰ অবস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | উত্তৰ লখিমপুৰ |
মাটিকালি | |
- মুঠ | ২,২৭৭ কি.মি.২ (৮৭৯.২ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১০,৪০,৬৪৪ জন |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
ৱেবছাইট | www.lakhimpur.nic.in |